পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
সপ্তপৰ্ণ


 হাটৰ ফালৰ পৰা চালে কব পাৰি ৰাধা গোপৰ জীয়ৰী, গোপৰ বোৱাৰী, মথুৰা-হাটত দধি দুগ্ধ লৱনু বেচিবলৈ গৈছিল; যমুনা পাৰ হবৰ বেলিকা কানাইলৈ বুকু পোৰে কাৰণে কানায়ে বাই নিয়া নাও খনিতে পাৰ হৈ যাবলৈ বুলি এনে দৰে মাতিছে; তালৈকো গীতৰ মাজতে ৰাধাৰ প্ৰাণৰ লক্ষ্য জল জলকৈ জ্বলি আছে,—ৰাধা যায় সেই মথুৰাহাটলৈ যলৈ কানায়ে বাট নিদিলে যাব নোৱাৰি। বাহিৰে হাটত বেচাকিনাৰ প্ৰয়োজন থাকিলেও এই একে এটি কথাতে সি গৌণ হৈ আচল উদ্দেশ্যটি ফুটিত পৰিল—অন্তৰৰ মথুৰাহাট দৰ্শন।— যেতিয়া আমাৰ কোনো তীৰ্থ- যাত্ৰীয়ে জতুৱা ঠাচেৰে “ভটীয়াই যাওঁ” বোলে তেতিয়া তেওঁক নৈৰ নামনিলৈ যায় বুলি বুজিলে আমাৰ বুজা নহয়। তেওঁ যায় ভাটি দেশত থকা তীৰ্থলৈ, তীৰ্থৰ প্ৰকাশেৰে প্ৰকাশিত হবলৈ, তীৰ্থৰ আনন্দেৰে নিজে উদ্ভাসিত হৈ আশে পাশে সেই আনন্দ বিকীৰণ কৰিবলৈ। এয়ে “ভটিয়াই যোৱাৰ” নিগূঢ় অৰ্থ, এয়ে তাৰ ব্যঞ্জনা বৃত্তি। এই দৰেই কেৱলে বেচাকিনা কৰিবলৈকে মথুৰাহাটলৈ যায় বুলি বুজিলে হৰিপ্ৰাণা ৰাধিকাকো আমাৰ বুজা নহয়। অন্তৰ ৰাজ্যৰ ৰাধিকা যে হ্লাদিনী শক্তি। হৰিদৰ্শনৰ পৰমানন্দত বাজে হ্লাদিনী শক্তিৰ আৰু কি ঐকান্তিকী বাসনা থাকিব পাৰে?—আচলতে মথুৰাহাটৰ হৰিৰ হাঁহিটিত জোনটি হৈ আঁজলি ভৰি ভৰি জোনালী বিলাবলৈ ৰাধাৰ এই আকুলতা। হাটৰ