আলোকিত কৰাঁ। ব্ৰজধাম এৰি থৈ ৰাধাৰ প্ৰাণ-কানাই মথুৰালৈ গুচি গ’ল। ভালে মান দিন হ’ল মন প্ৰাণ হৰি নিয়৷ সেই মোহন মুখ খনি চৰ্ম্মচকুৰে দেখা নাই। তাকে চাবলৈ আজি আকুলতা জাগি মথুৰাহাটলৈ পাৰকৈ লৈ যাবলৈ বুলি ৰাধাই কানাইৰ উদ্দেশ্যে এনে দৰে ইনাই বিনাই কাতৰি কৰিছে বুলিবলৈকে৷ ব্ৰজ গোপিনীৰ প্ৰাণত বিশেষকৈ ৰাধাৰ অন্তৰত সাধাৰণ কামিনীৰ এনে লক্ষণ যে নাই। সিবিলাকৰ কাম যি আছিল প্ৰেমৰ অপাৰ পাৰাবাৰত কাহানিবাই হেৰাই গ’ল। বৃন্দাবনৰ প্ৰেমৰ লীলাত প্ৰত্যক্ষে যি প্ৰেমময়ৰ পৰশ পাইছে তেওঁক বৃন্দাবনৰ বনে আজি ঢাকি থয় কেনেকৈ? উপনিষদৰ ঋষিয়ে কব লাগিছে,—যি ভূত ভবিষ্যতৰ ঈশ্বৰ দীপ্তিমান পৰমাত্মাক প্ৰকৃততে দেখে তেওঁ যে’ লুকাই থাকিব নোৱাৰে।” সঁচা- সঁচিকৈ লুকাব নোৱাৰে, প্ৰকাশ পায়। নিজৰ সকলো দি সেই দীপ্তি প্ৰাকশ নকৰি যে নোৱাৰে। জোনে বেলিৰ কিৰণ পাই সেই কিৰণ কৃপণৰ দৰে আঁচলৰ গাঁঠিত লুকাই নথৈ জুৰাই জুৰাই জগতলৈ এৰি দিয়ে। প্ৰেমময়ী ৰাধিকায়ো অন্ত প্ৰেমৰ পূৰ্ণপাত্ৰ আঁজলি ভৰি বিলাবলৈকে বুলি মথুৰা হাট যেন ক্ষুদ্ৰ জগতলৈ আজি যাব খুজিছে। বিৰাট বিশ্ব জননীৰ মানবী মূৰ্ত্তি হ’ল ৰাধিকা, আৰু প্ৰকাণ্ড সংসাৰৰ ক্ষুদ্ৰ প্ৰতিচ্ছায়া হ’ল মথুৰাৰ হাট! বিশ্বজননী সংসাৰলৈ অহা যেনে, প্ৰেমময়ী ৰাধিকা মথুৰা-হাটলৈ যোৱাও তেনে।
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
সপ্তপৰ্ণ