পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম পৰ্ণ

 এদিনা কিবা কথাৰ ধাৰত মাতৃৰ কথা মনত পৰাত সেই কথাকে ভাবি আছোঁ। দূৰত দেখিলোঁ আজি স্নিগ্ধ সুশান্ত বেশেৰে মাতৃ মোৰ ধীৰে ধীৰে তাপসীৰ তেজেৰে আহিব লাগিছে। ওচৰ পালত দেখিলোঁ চকুযুৰি কোনোবা এক উজ্জ্বল লোকত;—পলক নপৰাকৈ চকু ভৰি ভৰি অমিয়া মাধুৰী পান কৰিছে! প্ৰাণৰ তৃপ্তিত, হিয়াৰ উল্লাসত সেই জ্যোতিৰ আভা জিলিকি পৰি চাৰিপিনে ৰঞ্জিত কৰি তুলিছে। চকু দুটি যুগল তৰাৰ দৰে তিৰ্‌বিৰাব লাগিছে! বুকুৰ জোনেৰে গোটেই শৰীৰটি কপাহী ডাৱৰৰ দৰে জিলিকি পৰিছে! মুখৰ হাঁহি, শৰীৰৰ ভঙ্গি;—তাত চাঞ্চল্যৰ লেশ নাই, সি যেন শৰতৰ তটিনীৰ দৰে শান্ত—সুনিৰ্ম্মল! আজি তোমাৰ এই সুন্দৰ, এই মধুৰ, এই পবিত্ৰ আভাত প্ৰাণৰ মাজত মোৰ বাঁহীৰ দৰে কি বাজিছে? তোমাৰ মুখৰ ইমান জ্যোতি, আৰু মোৰ অন্তৰৰ এই আবিলতা, এই অন্ধকাৰ! আহাঁ, আহাঁ তাপসি, আহাঁ মোৰ মাতৃ! এবাৰ তোমাৰ প্ৰভাতী প্ৰভাৰে অন্তৰ মোৰ পোহৰাই দিয়াঁ। এবাৰ, এবাৰ তোমাৰ ললিত ভৈৰবীৰ সুৱদি সুৰ মোৰ বাসনা মোৰ ইচ্ছাৰ মুখে মুখে গুঞ্জৰি উঠক।

 আহাঁ মা,—“নিয়াঁ পাৰে কৰি, যাওঁ মথুৰাৰ হাট” বোলা তোমাৰ কথাষাৰিৰ আভাস অলপ দি হৃদয় মোৰ