পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
সপ্তপৰ্ণ

পথিকৰ প্ৰাণ জোৰা এক আনন্দ উল্লাস নহয় নে? সচ্চিদানন্দ পৰম ব্ৰহ্মৰ ব্ৰহ্মাণ্ড বিয়াপি আনন্দ দান কৰা হ্লাদিনী শক্তিৰ সোণৰ প্ৰতিমা নহয় নে?—তুমি আকৌ সেই হাঁহিটি মাৰি গুচি গলা। তোমাৰ আজিৰ হাঁহিটিয়ে বিশ্বতন্ত্ৰীৰ প্ৰাণৰ তাঁৰ ডালিত এটি মৃদুল ঝঙ্কাৰ জিকাৰি তুলিলে। বিশ্বৰ প্ৰাণত প্ৰণৱৰ সুৰেৰে আকৌ এবাৰ বাজি উঠিল,—“আনন্দম্, আনন্দম্।” গছে গছে, লতাই লতাই তাৰে প্ৰতিধ্বনি তুলি পৃথিবীখনি পুলকৰ প্ৰেমানন্দেৰে ৰোমাঞ্চিত কৰিলে। বিশ্ব যেন নাচি উঠিল! তাৰ হিল্লোলৰ প্ৰেমৰ উল্লাসে ভক্তৰ প্ৰাণত মধুৰ স্পৰ্শ দি আনন্দত মতলীয়া কৰিলে! মোৰ হিয়া, মোৰ হিয়া যে নচা নাই। গোৱাঁ, গোৱাঁ মা তোমাৰ দিব্য কণ্ঠেৰে। মোৰ হিয়াই নেনাচে মানে গাই যোৱাঁ, গাই যোৱা :—

“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে, কানাই নিয়াঁ পাৰে কৰি,
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই ৰাম॥”