পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
ষষ্ঠ পৰ্ণ

নাচি উঠিম। প্ৰেমে বিৰহৰ জুই পানী কৰি দিলে, সংসাৰৰ অশাস্তি অমুৰি ছাই হৈ উৰি গ’ল। জগতত প্ৰেমৰ দুন্দুভি বাজি উঠিল! তোৰ যত দুখ, যত শোক, যত বিৰহ বিচ্ছেদৰ হাহাকাৰ ভগবানৰ প্ৰেমেৰে গ্ৰহণ কৰ, আনন্দময়ীৰ আনন্দ পৰশত সকলো শোকৰ অৱসান! কি শান্তিৰ এই বাতৰি!

 দুখৰ আত্যন্তিক নিবৃত্তিৰ উপায় উদ্ভাৱন কৰিবলৈকে সাংখ্য দৰ্শন আদিৰ কত চেষ্টা। অনন্তকাললৈ নিৰবচ্ছিন্ন সুখৰ আস্বাদন লৌকিক উপায়েৰে নহয়, অলৌকিক উপায়েৰেও নহয়। প্ৰাকৃতিক সম্বন্ধ উচ্ছেদ নোহোৱালৈকে অলপ নহয় অলপ দুখ থাকিবই। জীৱই জীৱৰ সৈতে সম্বন্ধ পাতি যেতিয়ালৈকে সি ভেদ ৰচনাত ভোল গৈ থাকে, তেতিয়ালৈকে তাৰ দুখ। চৈতন্যৰ লগত মিলি যি মুহূৰ্ত্তত জীৱই ভেদ ভুলি যায়, যেতিয়া প্ৰকৃতি পুৰুষৰ প্ৰেমলীলাৰ মধুৰ ৰসেৰে আত্মাৰ ৰাজ্যত পৰমানন্দ অনুভৱ কৰে, যেতিয়াই নিৰ্ম্মল চিত্তত আত্মাৰ প্ৰকৃতি দৰ্শন হয়, তেতিয়াৰ পৰাই তাৰ আত্মা অন্তৰে বাহিৰে নিত্য ৰাসৰ ৰসেৰে আপ্লুত হৈ বিশ্বাত্মাৰ লগত মিলি যায়, তেতিয়াই জীৱৰ আত্যন্তিক দুখৰ নিবৃত্তি হয়। এই প্ৰেম ৰাজ্যৰ জীৱ আৰু চৈতন্যৰ মিলনত কেৱলে মধু, কেৱলে মধু,—কেৱলে আনন্দ, কেৱলে অমৃত!

 কোৱাঁ, কোৱাঁ মা,—তোমাৰ ৰাধিকা বিবৰ্ত্তনশীল বিশ্বৰ যি উত্তৰণৰ চেষ্টা, তাৰ আনন্দৰ আকুলতা নহয় নে? পুনৰ্ম্মিলনৰ মুৰুলী শুনি বাউলী হৈ লৰি যোৱা পথভ্ৰষ্ট