পৰিজনৰ কাৰণে যত্ন কৰি কি আনন্দ পায়! শ্ৰান্ত ক্লান্ত শৰীৰেৰে দিনমান পৰিশ্ৰম কৰি শৰীৰ মৰি যায়, অথচ চকুৱেদি আনন্দ বিৰিঙ্গি ঘৰ গোটেইখনি আনন্দময় কৰি থয়।—ই যে স্বামীৰ সংসাৰ, ই যে স্বামীৰ কাম! স্বামীৰ কামত নিজৰ শৰীৰ বুৰাই দি এক অপাৰ আনন্দত সিবিলাক ৰাতি দিন মজি থাকে। যেতিয়া ৰোগৰ প্ৰকোপত হাত সমূলি অৱশ হয়,—লৰচৰ কৰিব নোৱাৰে, তেতিয়া চকুৱেদি প্ৰাণৰ লোতক দুধাৰি নিমাতে বৈ বৈ আহে,—উৎকট ৰোগৰ অসহনীয় পীড়নত নহয়,—স্বামী পুত্ৰক যে নিজ হাতেৰে কৰি খুৱাব পৰা নাই, হৃদয়ৰ এই দাৰুণ দুখৰ নিমাতী যাতনাত।—আনন্দময়ী কুললক্ষ্মীসকলৰ এই জগদ্ধাত্ৰীৰ ৰূপটিলৈ স্বভাৱতে মুৰ যেন দোঁ খাই আহে। মহিয়সী ৰাধিকাই প্ৰদীপটিৰ দৰে নিজে জলি তাৰ আলোকেৰে বিৰহত কেনে শান্তি ঢালিছিল, কত বৈষ্ণবী কবিতাই সকৰুণ সুৰেৰে আজিও তাক বিনাব লাগিছে। নিদাৰুণ বিৰহৰ তাপ সহ্য কৰি আৰু নোৱাৰি কেতিয়াবা ৰাধাই তনুকে ত্যাগ কৰিব খোজে, পাচ মুহূৰ্ত্তত ভাব জাগে, মই মৰিলে মোৰ কানুৰ হব কি? মই কানুক কাক দি যাম? মই মৰিব নোৱাৰোঁ। সকলো জ্বলন সকলো পোৰণ মই সহ্য কৰিম, কেৱলে কেৱলে কানুৰ কাৰণে। মোৰ বুকুখনি জলি গলে যদি শ্যাম কানুৰ আলোক হয়, জলি যাওক, পুৰি যাওক—মই কান্দি কান্দি হাঁহি দিম, প্ৰেমানন্দত
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৭২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
সপ্তপৰ্ণ