হেঁপাহটি মানুহৰ লগে লগেই উপজি আহিছে। প্ৰভাৱত মানুহৰ মনত জাগৰণ বা সংকোচনৰ আবেগ মানুহৰ জনমৰ দিন ধৰি মনে মনে জাগিয়েই আছে। এয়ে হ’ল বিহুৰ⸺প্ৰাণময় বীজ। তাৰ জনম মানুহৰ সৃষ্টিৰ লগে লগে। এই বীজেই নানা বিজেতা না জাতিৰ বোল লৈ নিজৰি নিজৰি বিহু হৈ আমালৈ বলি আহিছে। আমাৰো বোল আমাৰো বাতৰি লৈ কোন সুদূৰ ভবিষ্যৰ কেনি কেনে ধাৰেৰে ই বৈ যায় তাক আজি জানে কোনে?
আচলতে আগে ফুটি পৰা ভাষাক ব্যাকৰণে সংযত কৰা দি স্বভাৱতে ফুটি উঠা নতুন বছৰৰ এই উৎসৱটি পাচলৈ পঞ্জিকাই দিন বাৰ চাই থিত লগাই ললে। মাঘৰ মুকলি পথাৰত গৰু-মহ হেদানি মেলি আজৰীয়া হৈ অসমীয়াই জিৰাবলৈ ললে। চাওঁতে চাওতে ফাল্গুনী পচোৱাই আকাশৰ শান্তিয়নীৰে জীৱন দি জাৰত মৰামুৱা হৈ পৰি থকা দেশখনিত নতুন প্ৰাণ সঞ্চাৰ কৰিলে। গছে গছে, লতাই লতাই কুঁহিপাত জিকাৰি উঠিল, নানান বৰণীয়া ফুলেৰে গোটেইখন ফুলাম হৈ জক্মকাবলৈ ধৰিলে। শিমলু মদাৰৰ ৰাঙ্গলী নিচান আকাশত তিৰ বিৰকৈ জিলিকিল; প্ৰাণে প্ৰাণে যেন এটি নতুন উম্ লাগি গল, আনন্দত মন নাচি উঠিল। প্ৰকৃতিৰ সন্তান আমাৰ পৰ্ব্বতীয়া ভাই-ভনীহঁতৰ পেঁপাৰ সুৰে সুৰে, জুনাৰ জাঁতে জাঁতে