পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
ষষ্ঠ পৰ্ণ

জাগি উঠে। গতিকে তাক ক্ষুদ্ৰ স্বাৰ্থৰ পৰা টানি নি জগতৰ স্বাৰ্থত লগাই দিব পাৰিলে আপুনি সি মহৎ ফল দিব নোৱাৰিলেও শান্ত হৈ থাকিব। এখনি নাটকত এটি চোৰৰ চৰিত্ৰ আছে,—সি বৰ দগধা চোৰ। এনে অভ্যাসৰ বল, তাৰ বোলে চুৰ নকৰিলে টোপনিকে নাহে। চোৰৰ ভাগ্য ভাল, সদ্ গুৰু লাভ হ’ল। গুৰুৱে দিহা দিলে,—তই চুৰ নকৰি নোৱাৰ যেতিয়া, আহ মাখনচোৰক চুৰ কৰহি। সংসাৰৰ মাজত লুকাই আছে, যোগী ঋষিৰ সাধনাৰ ধন, কোনেও নেদেখাকৈ চুৰ কৰি আন। গুৰুৰ ইঙ্গিত সফল হ’ল। দগধা চোৰ পৰম ভক্তত পৰিণত হ’ল। নাটকীয় চৰিত্ৰ হলেও এনে সত্য ঘটনা জগতত বহুতো জিলিকি আছে। জীৱৰ হৃদয়ৰ কাম উদ্দীপনা পালে সি জঁকি উঠে, তাৰ নিজৰ ইন্দ্ৰিয় প্ৰীতিৰ ইচ্ছা বলবতী হয়। সি চায় জীৱই জীৱই মিলিবলৈ। তাক যদি ৰাধা শক্তিৰ উপাশ্ৰিত কৰি আকুল কৈ তুলিব পাৰি সি তেতিয়া জীৱ আৰু কৃষ্ণৰ মিলন সুখ ইচ্ছা কৰে, আৰু তেতিয়াই কাম জঁই পৰি যায়। যেতিয়াই প্ৰাণৰ ৰাধা শক্তিয়ে কৃষ্ণ চৈতন্যৰ সৈতে প্ৰকাশ পায় তেতিয়াই কামৰূপ মদন মোহিত হয়,—“ৰাধা সঙ্গে যদা ভাতি তদা মদনমোহনঃ”। ক্ষুদ্ৰ ক্ষণিকা তৃপ্তিৰ পৰা বিৰাট প্ৰেমানন্দলৈ মনক লৈ যাব পাৰিলেই মনে কামৰ হেয়ত্ব আৰু অসাৰত্ব বুজে, তেতিয়াই কামৰ অভিমান চূৰ্ণ, তেতিয়াই কামৰ ঘোৰ

 ১১