পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
সপ্তপৰ্ণ

সকলো অৱস্থাতে বিৰাজ কৰিছে তাক স্পষ্টকৈ দেখিবলৈ পায়। জগতত আৰু একোৰেই ভেদ নেথাকে,—তুমি ভৰ্ত্তা মই ভাৰ্য্যা,—তুমি ৰমণ, মই ৰমণী,—এই স্ত্ৰীপুৰুষৰ ভেদ- জ্ঞানৰ মূলত উপাধি আছে। ৰাধা মাধবৰ প্ৰেম বিলাসৰ যি প্ৰেম—সি নিৰুপাধি প্ৰেম, সাধনৰ তৃতীয় স্তৰৰ পৰৈক্য প্ৰেম,—অচিন্ত্য ভেদাভেদহীন!—“না সো ৰমণ না হাম ৰমণী”, শ্ৰীৰাধাৰ এই যে ভাব এয়ে বৈষ্ণব দৰ্শনৰ সূক্ষ্মতম মহাভাব। গোপিকাসকলত এই মহাভাবৰ আবেশ সময়ে সময়ে দেখা যায়, শ্ৰীৰাধিকা কিন্তু সাক্ষাতে মহাভাব স্বৰূপিনী,—“ৰাধয়া মাধবো দেবো মাধবেনৈব ৰাধিকা।”

 মধুৰ ৰসৰ গোপীপ্ৰেম বেদত ইমান দিন গুপুতে আছিল। তাক প্ৰকট কৰি জগতৰ মাজত নিজৰ জীৱন লীলাৰে প্ৰত্যক্ষে দেখুৱাই গল ৰাধা কৃষ্ণই, আৰু কৃষ্ণ প্ৰাণা গোপিনী সকলে। কৰ্ম্মৰ ৰাজ্যত, জ্ঞানৰ ৰাজ্যত, ভক্তিৰ ৰাজ্যত কামক মুহি কামনাক মুহি তাক প্ৰেমৰ মাধুৰীৰে সুচিকোণ কৰি ভগবানৰ স্নিগ্ধ আলোকেৰে ভাৰতৰ হিয়া পোহৰাই গল এই ৰাধা কৃষ্ণৰ মধুৰ অৱতাৰে। ৰাস মণ্ডপত যি কামজয় হ’ল সি অভিনৱ ধৰণৰ। মহাদেৱৰ কাম-ভস্মত কামৰ জড়ৰূপ ভস্ম হৈ অশৰীৰী, অমৰ, আৰু মিথুনধৰ্ম্মী হোৱাত, কামে স্বইচ্ছাৰে বিচৰণ কৰিবলৈ ললে, আৰু তপস্যাৰ ভয়ঙ্কৰ ব্যাঘাত ঘটাবলৈ ধৰিলে। মানুহৰ মনত নীচ প্ৰবৃত্তি থাকিবই। তাক হেঁচি থব পাৰি, কিন্তু আলম পালেই সি