পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
ষষ্ঠ পৰ্ণ

দুখ আৰু ক’ত? দাৰুণ দুখৰ দোৰ্ঘোৰ বিৰহতো সিবিলাকে দেখিছে—বঙ্কিম নয়নেৰে মোহন মুৰুলীধাৰী প্ৰাণাৰাম কৃষ্ণ। আজি ব্ৰজধামৰ কি আনন্দ! আকাশ পাতাল প্ৰেমৰ চুমাত গলি গল। গোলোকৰ পৰম পবিত্ৰ নিত্যধাম কালিন্দীকুলৰ ব্ৰজধামলৈ নামি আহিল। পৃথবীৰ প্ৰাণত মঙ্গল শঙ্খ বাজি উঠিল; স্বৰ্গৰ দুন্দুভি গুৰু গম্ভীৰ ৰবেৰে বাজিবলৈ ধৰিলে। সুৰ পাহৰা দলে দলে গন্ধৰ্ব্ব মিথুনে, দলে দলে নিৰ্জ্জৰ যুগলে আকাশৰ কোলাত কলহংসমালাৰ দৰে উৰি উৰি ৰাসলীলাৰ মাধুৰী পান কৰি প্ৰাণৰ সুৰ মিলাই ললেহি!—এয়ে, এয়ে গোপীপ্ৰেম! প্ৰেমিক ভক্ত চৈতন্যদেবে এই প্ৰেমেৰেই কৃষ্ণক আৰাধনা কৰিবলৈ গৈ নিজক ৰাধা বুলি ভাবি কৃষ্ণ প্ৰেমৰ উন্মাদিনী বেশেৰে বৃন্দাবনলৈ লৰি গৈছিল। মহাপ্ৰভুৰ গোপীভাবে জগতৰ আগত গোপীপ্ৰেমৰ পবিত্ৰতা, গোপীপ্ৰেমৰ তন্ময়তা তুলি ধৰি কেনে সাধনাৰ ধন কৰি দিলে! এই প্ৰেমৰ স্ত্ৰীপুৰুষ ভেদাভেদ নাই। এই লীলাত একমাত্ৰ পুৰুষ জগজীৱন কৃষ্ণ; গোপী হল স্ত্ৰীপুৰুষ নিৰ্ব্বিশেষে জীৱ মণ্ডলী, আৰু ৰাধা এই প্ৰেমৰ প্ৰধানা নায়িকা।

 ৰাধিকাক গোপীপ্ৰেমৰ প্ৰধানা নায়িকা বুলিলেই সকলো কোৱা নহয়। যোগীসকলে সাধনাৰ তিনটি স্তৰৰ কথা কয়, প্ৰথম আত্মজ্ঞান, দ্বিতীয় ব্ৰহ্মজ্ঞান আৰু তৃতীয় ভগবদ্ জ্ঞান। আত্মজ্ঞান বা ব্ৰহ্মজ্ঞান লাভ কৰাৰ পাচত সাধক বিশেষৰ ভগবদ্ জ্ঞান হয়। তেতিয়া ভগবানেই যে সৰ্ব্বভূতত