যায়। এই ভাবত প্ৰাণৰ সকলে৷ হুঁতাহ মৰি নেযায়। ঈশ্বৰ যেন এক শাস্ত্ৰৰ তত্ত্ব, দৰ্শনৰ সিদ্ধান্ত, এক যেন দণ্ড বিধাতাৰ ভয়ৰ মূৰ্ত্তি৷ তাত আমাৰ মুখেদি “আমি কৃষ্ণৰ ” মন্ত্ৰ ওলাই পৰে। যেতিয়াই আমাৰ অন্তৰত প্ৰেমৰ উন্মেষ হয়, তেতিয়াই ভগবানক আমি আমাৰ আপোনাৰে৷ আপোন সম্বন্ধৰ মাজে পাব খোজোঁ। আমাৰ মুখত “আমি কৃষ্ণৰ’’ মন্ত্ৰ মুফুটি “আমাৰ কৃষ্ণধন” ফুটে।—কি মধুৰ এই “আমাৰ কৃষ্ণধন ” মন্ত্ৰ! ভাৰতৰ অসীম ভাগ্য। এই মন্ত্ৰ প্ৰকাশ্যে নিনাদিত হৈ প্ৰথমে গগন জিনিছিল গকুলৰ গোপিনী সমাজত৷ কৃষ্ণ আমাৰ!—প্ৰেমেৰে কৃষ্ণক আমাৰ কৰি লৈছিল ব্ৰজধামৰ ব্ৰজৰমণীয়ে! ব্ৰজভাবেৰে ভগবানে ভক্তিৰ পথত নতুনকৈ প্ৰেমৰ বা বলাই আনিলে। সখ্য, বাৎসল্য, আৰু মধুৰ ভাবৰ সেই ধল,—তাত স্নান কৰি জগত ধন্য হৈ গল। ভগবান মোৰ সকলো,—মোৰ সখা, মোৰ সুত, মোৰ স্বামী, মোৰ প্ৰিয়ৰে৷ অতি প্ৰিয়, আপোনাৰে৷ অতি আপোন। সৰল৷ গোপিনীসকলৰ অন্তৰত অসীম পিয়াহ; এই পিয়াহ জগাই তুলিলে যশোদাৰ কোলাৰ সুন্দৰ কানুৰ মুখ-চন্দ্ৰিকাৰ সৌন্দৰ্য্য সুষমাই। গোপিনীৰ প্ৰাণ নিজৰাত মহাসাগৰৰ মহা আহ্বান বাজি উঠিল; অজ্ঞাতসাৰে লৰিব লাগিছে; একোতে তৃপ্তি নাই, শান্তি নাই; অথচ দেহি নেজানে, কি বিচাৰি আকুলি-বিকুলিকৈ অনাই-বনাই ফুৰিব লাগিছে; সম্পুৰ্ণতাৰ আংশিক প্ৰকাশ সিবিলাকৰ স্বামীয়ে, আবৃত
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
সপ্তপৰ্ণ