পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
ষষ্ঠ পৰ্ণ

সঙ্গম সুখৰ আনন্দ, পৰমপুৰুষ পৰমাপ্ৰকৃতিৰ মিলন-মাধুৰীৰ অসীম উল্লাস! ৰাস মণ্ডলৰ মিলন-মাধুৰীতে৷ সেইদৰেই আছে অভাবনীয় আনন্দ, আছে অনুপম প্ৰেম। গোপিনীৰ কাম যিবা আছিল শেষ সুন্দৰৰ চমকত আন্ধি লাগি সতী- বুদ্ধিৰ দীপালোকত আত্মাৰ দৰ্শন পাই সি নিজে নিজক হেৰুৱাই পেলালে,— প্ৰেম হৈ গ'ল! প্ৰেমৰ মাধুৰীৰে শ্ৰীবৃন্দাবন আজি চিৰ মধুৰ!

 ৰাসলীলাৰ শেহৰ ফাললৈ ভগবান শুকদেৱে আৰু এটি ভাবৰ ইঙ্গিত দি থৈ গৈছে,— ৰাসৰ ৰাত্ৰিৰ অন্তত যোগমায়াৰ মায়াৰে মোহিত হৈ থকা ব্ৰজবাসীসকলে নিজ নিজ পত্নীসকলক নিজৰ কাষে কাষে পাই কৃষ্ণৰ প্ৰতি কোনো অসূয়া প্ৰকাশ কৰা নাছিল। ৰাসৰ আৰম্ভণিত যোগমায়া, সামৰণিত যোগ- মায়া, যোগমায়াৰ নাম দেখি গোটেই লীলাটি মায়িক সৃষ্টি বুলিবৰ মন যাব পাৰে। ই মায়িক সৃষ্টি হলেও সপোন নহয়, ইন্দ্ৰজাল নহয়,— আত্ম-দৰ্শনৰ স্থূল ঘটনা, প্ৰত্যক্ষ সত্য। ভগবানৰ বিশেষ বিভূতি সাধাৰণ জগতত ইমান সহজে ফুটি নপৰে৷ যোগমায়াৰ কৃপাত সি প্ৰত্যক্ষ হৈ ফুটি পৰিছে৷ ইমান দিন নাৰদাদি ভক্ত সকলে ভগবানক ভক্তি কৰিছিল শান্ত আৰু দাস্য ভাবেৰে। শাস্ত দাস্য ভাবৰ ভগবান ঐশ্বৰ্যাশালী। তেওঁ মহৎ, মই দীন,— তেওঁ প্ৰভু, মই দাসৰে৷ দাস! প্ৰভু আৰু দাসৰ মাজত, ঐশ্বৰ্য্যশালী আৰু দীনৰ মাজত হাজাৰ হলেও যেন পাৰ্থক্য এটি থাকি