পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
সপ্তপৰ্ণ

তৃপ্তিৰ ওপৰ স্তৰত স্বামী স্ত্ৰীৰ যি পূৰ্ণ সংযোগ তাৰ দৰে পবিত্ৰ, তাৰ দৰে আনন্দদায়ক আৰু কি হব পাৰে? স্বামীয়ে স্ত্ৰীৰ মাজেদি জগতক পাব খোজে, স্ত্ৰীয়ে স্বামীৰ মাজেদি বিশ্বৰ আনন্দ উপভোগ কৰে! দেহৰ সৈতে দেহৰ, মনৰ সৈতে মনৰ, বুদ্ধিৰ সৈতে বুদ্ধিৰ, জ্ঞানৰ সৈতে জ্ঞানৰ, প্ৰাণৰ সৈতে প্ৰাণৰ অন্তৰগত পুৰুষ প্ৰকৃতিৰ এই যে মিলন—ইয়েই সম্পুৰ্ণ মিলন! ইন্দ্ৰিয় সুখৰ চিৰ অভ্যস্ত মন, তাক ইন্দ্ৰিয় সুখৰ নিজৰ ভাষাৰে, তাৰ অতি উপাদেয় সকলো ৰসৰ সাৰ আদিৰসেৰে আনন্দৰ বাতৰি বুজাই নিদিলে তাৰ জুতি নেলাগে, বুজাকৈ বুজা নহয়। মনোবিলাসৰ ৰতি তৃপ্তিৰ মাজেদি চৈতন্য লীলাৰ অনুপম আভাস মনিব বুলিয়েই যেন এই অৱতাৰণা!

 অতি গহন তত্ত্বক আপোনাৰ প্ৰিয় জন বুলি সম্বন্ধ পাতি ললেই সেই তত্ত্বলৈ প্ৰাণৰ যি আকুলত৷ জাগে, সি অনেক সময়ত ইন্দ্ৰিয়ৰ মুখেদি সাধাৰণ ইন্দ্ৰিয় তৃপ্তিৰ ভাষাৰেই প্ৰকাশ পায়। সেই হে ভক্ত কবি সকলৰ গভীৰ প্ৰেমৰ পবিত্ৰ গীত বা গহন ভাবৰ কবিতাৰ মাল৷ প্ৰায়ে পোনতে শুনিলে ইন্দ্ৰিয় পৰায়ণৰ কাম-গীত বা কাম-কবিতা যেন লাগে। অকল ভাৰততে নহয়, ভাৰতৰ বাহিৰতো অনেক ভক্ত কবিৰ কবিতা এনে কামালাপৰ গন্ধেৰে মলমলাব লাগিছে। এই কামালাপৰ গন্ধত ইন্দ্ৰিয় লোকৰ ভাষা থাকিলেও ইন্দ্ৰিয় সুখৰ ধনিষ্ট৷ নাই,—আছে জীৱ চৈতন্যৰ