পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
ষষ্ঠ পৰ্ণ

বালিলৈ চালেই চকু ৰৈ যায়, তাতে ৰূপত ৰাং চৰালেহি জোনালী জিলমিলে। মধুৰ মলয়া কেনে মধুৰ! সুদূৰ পদ্মবনৰ মধুৰ গন্ধেৰে, শৰতৰ শেৱালিৰ সুৱদি বাসেৰে সি মধুৰৰো মধুৰ! কালিন্দীৰ সুনীল লহৰিৰ উখল্ মাখল্,—সি কেনে সুন্দৰ; ঢৌৰ মুখে মুখে চন্দ্ৰিকাৰ কি সেই মধুৰ চুম্বন! মধুৰ বৃন্দাবন সদায় সুন্দৰ, সকলো ঋতুৰ মল্লিকা মালতীৰ মধুৰ সৌৰভেৰে সি যে সেই ৰাতি আৰু মধুৰ, এই হেন সুন্দৰৰ মহামেলাত মূৰ্ত্তমান কাম জাগি জিকাৰি উঠিল৷ এনেয়ে এই কল্পনাতীত সুষমা, তাতে পুমু বাজি উঠিল অসীম সুন্দৰ শ্যাম কানুৰ সেই মোহন বাঁহীটি!—সৰলা গোপিনীৰ প্ৰাণ আৰু ৰয় ক’ত? হৰিণীৰ দৰে উধাতুৰে মুৰুলীৰ সুৰে সুৰে বৃন্দাবনলৈ লৰি গ’ল। য’ৰে বন ত’তে পৰি থাকিল; লাজ নাই, ভয় নাই,—সুন্দৰৰ মাজেদি চিৰ সুন্দৰৰ আহ্বান!—বাধা নেমানে, মান৷ নেমানে; মনৰ মুৰুলী বনত বাজিছে,—বনত নুলিয়াই মানে শান্তি নাই! ই ইন্দ্ৰিয় লালসাৰ গোপন অভিসাৰ প্ৰকাশ্যে জুমে জুমে মহাৰাত্ৰি মোহন কানাইৰ বিশ্ব বিমোহন মুৰুলীৰ টানত বাউলী হৈ বৃন্দাবনৰ মাজত মুৰুলীৰে মুৰুলীধাৰীক উলিয়াই বেৰি ধৰিলে। গোপিনীসকলৰ অসীম ভাগ্য! শাৰদীয় পূৰ্ণিমাৰ পূৰ্ণ আলোকত সিবিলাকে দেখিলে কি?—এক কৃষ্ণ, অগণন গোপীৰ লগত অগণন কৃষ্ণ হৈ ক্ৰীড়া কৰিছে, গাইছে, নাচিছে, ৰমণৰ বিবিধ বিলাসেৰে