এনেকৈ চাবলৈ গলে ভক্ত আৰু ভগবানৰ মাজত উপ- পতিৰ দৰে ভাব থকাহে নিতান্ত প্ৰয়োজন। সেইহে ৰামকৃষ্ণ পৰমহংসদেৱে কব লাগিছে—ভগবানক ভাল পাবলৈ হলে উপপতিক ভাল পোৱাদি পাব লাগে। ভগবান আমাৰ পতি হৈও উপপতি। আমাৰ “যোষা জাৰমিব প্ৰিয়ম”। উপপতি থকা তিৰোতাই সংসাৰৰ সকলো কাম-বন কৰে,—এনে সুন্দৰকৈ, এনে নিযাৰিকৈ কৰি যায় যাতে তাত কোনো সন্দেহ, কোনো আসক্তিৰ ছাঁ এটিও চকুত নপৰে। অথচ, মনৰ মাজত দিনে ৰাতি জাগি থাকে সেই উপপতিৰ কথা৷ অবিকল এইদৰেই সংসাৰত কাম নিয়াৰিকৈ কৰি কৰি ওপৰৱালাৰ মন যোগাই অন্তৰত অনুক্ষণ ভগবদ্ প্ৰেমৰ অনুভূতি যদি জগাই ৰাখিব পাৰে তেতিয়াই সংসাৰীৰ সংসাৰো ৰয়, ঈশ্বৰো ৰয়৷ ভগবানক উপপতি বুলি ভাবিব পৰাটি মহৎ সৌভাগ্যৰে কথা!
গকুলৰ গোপিনীসকলে কানাইক পতি কামনা কৰি কাত্যায়নী পূজ৷ পাতিছিল। ইবিলাকৰ কামৰ এটি বিশিষ্টতা আছে! শিশু কৃষ্ণৰ চেনেহুৱা মুখখনিলৈ সিবিলাকৰ যি প্ৰাণ ভৰা মমতাৰ হেঁপাহ আছিল, সেয়ে যৌৱনৰ উন্মাদনাত কাম যেন হয় হয়, এনে তাৰ অৱস্থা। সি অসীম প্ৰেমৰ এক আকস্মিক ৰোগৰ দৰে হলেও, এক সাময়িক বিকাৰৰ দৰে হলেও, ঊৰ্দ্ধ মুখে প্ৰেমলৈ যোৱাৰ এক প্ৰৱল আকুলতা তাত আছিল। সাধাৰণতে য'ত ইন্দ্ৰিয় চৰিতাৰ্থৰ লালসা