হৃদয়ে প্ৰকাশ পাই অনস্ত আনন্দত বিভোল হৈ আছে; সেই পৰমাত্মা পৰমপুৰুষৰ পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণ—তেওঁৰ অংশই যে আমি। পিতৃমাতৃ ৰূপেৰে, পুত্ৰকন্যা ৰূপেৰে, পতিপত্নী ৰূপেৰে তেৱেঁই যে আমাক অন্তৰে বাহিৰে আবৰি ৰাখি তেওঁৰ আনন্দৰেই পৰশ দি নিজে আনন্দত অনন্তকাল মজি আছে। তেওঁৰ জীৱৰ যাবতীয় আনন্দত তেওঁৰেই প্ৰকাশ। এনেস্থলত পৰদাৰাৰ প্ৰশ্ন উঠে কেনেকৈ? ভগবানৰ ফালৰ পৰা চালে পাৰদাৰিক দোষ যে থাকিব নোৱাৰেইনে, ভক্তৰ ফালৰ পৰা চালেও নোৱাৰে।—কাম, ক্ৰোধ, ভয়, স্নেহ বা যি কোনো ভাবেৰেই হওক, হৰিলৈ যদি মনটি একেবাৰে দি দিব পৰা যায়, তাতেই তন্ময়তা লাভ কৰি বিমুক্ত হব পাৰি,—এয়ে ভক্ত-জগতত ভাগৱত শাস্ত্ৰৰ স্থিৰ সিদ্ধান্ত, সেই হে পৰমভক্ত দেৱৰ্ষি নাৰদে বীণাৰ সুৰেৰে গাব লাগিছে—যেনেকৈ পাৰা এবাৰ কৃষ্ণলৈ মনটি দি দিয়াঁ।—“তস্মাৎ কেনাপ্যুপায়েন মনঃ কৃষ্ণে নিবেশয়েৎ।—যি কোনো উপায়ে ভগবানৰ কাষ চাপিব পৰাই, ভগবানলৈ মন দি দিব পৰা হে আচল কথা। ভগবান চিৰশান্ত, চিৰ পবিত্ৰ! তেওঁ যে স্পৰ্শমণি!—তেওঁৰ পুণ্য পৰশত সকলো সোণ হৈ যায়, ভাবৰ সকলো বিৰোধ মিলি যায়, মনৰ সকলে৷ মল উটি যায়! পূতনাই বিষ দিবলৈ গৈ পালে মুক্তি, শিশুপালৰ ক্ৰোধৰ পুৰস্কাৰ দয়া, কংসাসুৰৰ ভয়ৰ প্ৰতিদান—এক অমায়৷ শান্তি!
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
সপ্তপৰ্ণ