পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
ষষ্ঠ পৰ্ণ

জঘন্য কামৰ কলুষেৰে জানোচা ভগবানক কলুষিত কৰা হয়!—আশঙ্কা কিহৰ? ভগবান যে জ্যোতিৰ্ম্ময় “তেজীয়সাং ন দোষায় বহ্নেঃ সৰ্ব্বভুজো যথা।”—যি অগ্নিয়ে যজ্ঞৰ আহুতি বহন কৰে, সেই অগ্নিয়ে ক্ৰব্যাদ হৈ শৱ দেহো দাহ কৰে; সেই বুলি অগ্নি অপবিত্ৰ নহয়৷ আশঙ্কা নাই। কামৰ মলি এঙ্গাৰৰ মলিনতাৰ দৰে; তাক শতবাৰ ধুলেও সি নিকা নহয় যেতিয়৷ তাক জুইৰো জুই ভগবানত অৰ্পণ কৰিলে সি সোণ জিলিকাদি জিলিকি আনকো জিলিকায়। বিল্বমঙ্গলৰ তীব্ৰ কাম পবিত্ৰ প্ৰেমেৰে ৰঞ্জিত হৈ গ’ল। তুলসিদাসৰ কামৰ আকুলতা প্ৰেমৰ পুলকত পৰিণত হ’ল। গকুলৰ গোপিনীৰ কামেৰে পঙ্কিল প্ৰেম ভগবানৰ চৰণত পৰি চিৰদিনলৈ বিশ্ব জগতৰ শিৰৰ নিৰ্ম্মালি হৈ পৰিল।

 গোপী প্ৰেমৰ মহালীলাত “পৰদাৰাভিমৰ্ষণ” বোলা সামাজিক দোষৰ কথাও কেতিয়াবা শুনা যায়। কৃষ্ণক যি পৰ ভাবে সিবিলাকৰ চকুলৈ পাৰদাৰিক দোষৰ চেকা থাকিব পাৰে। কৃষ্ণ যে স্বয়ং ভগবান। কৃষ্ণতকৈ আপোন আমাৰ কোন? তেওঁৰ দাৰা তেওঁ গ্ৰহণ কৰিলে পাৰদাৰিক দোষ হয় কেনেকৈ? যি গোপিনীৰ অন্তৰত, গোপিনীৰ পতিসকলৰ অন্তৰত, নিখিল দেহীৰ অন্তৰে অন্তৰে আনন্দেৰে বিচৰণ কৰিছে, যি প্ৰাণী মণ্ডলীৰ বুদ্ধি প্ৰভৃতিৰ সাক্ষীৰ দৰে থাকি সকলো ইন্দ্ৰিয় অধিকাৰত ৰাখি অধ্যক্ষ স্বৰূপে জীৱৰ হৃদয়ে