পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
সপ্তপৰ্ণ

শ্ৰদ্ধা নুপজিলে, আৰু সেই শ্ৰদ্ধ৷ ৰাতি দিন দেহেকেহে, মনে প্ৰাণে, অন্তৰে বাহিৰে প্ৰকাশ নেপালে সেই প্ৰেম যে প্ৰেম নহয়, সেই ভক্তি যে ভক্তি নহয়।—ভক্তিৰ ৰাজ্যত, প্ৰেমৰ পথত কামৰ বৰ উৎপাত! কামৰ যে মৰণ নাই। কত সাধক, কত ঋষি মুনিৰ সি ধৈৰ্য্যচ্যুতি কৰিলে, ধ্যান ভান্নি মন অলিয়া-বলিয়া কৰিলে! প্ৰাণ অনন্তৰ আহ্বানত উৰি যাব খোজে, কামে মনক প্ৰলোভন দেখুৱাই পদে পদে পিছলাই আনে। এৰিলেও মেৰাই ধৰ৷ এই দানহৰ বিষম যন্ত্ৰণা! কামৰ অত্যাচাৰ সাধন পথত এক ভয়ঙ্কৰ সমস্যা হৈ উঠিল। প্ৰাণৰ আকুলতাৰে ভক্তজগতে এবাৰ সৰ্ব্ব- সম্ভাপহাৰী ভগবানলৈ চাই আকৌ বিনাবলৈ ধৰিলে। আকৌ এবাৰ মধুৰ বৃন্দাবনৰ মাজত মোহন মুৰুলীৰ সুৰেৰে পূৰ্ণাৱতাৰ ভগবানে কৈ গল,—“ন ময্যাবেশিতধিয়াং কামঃ কামায় কল্পতে।”—“মোলৈ তোৰ কাম দি দে। মোক দিয়া কাম—কাম নহয়,—সি প্ৰেম। তাপৰ পৰশ পোৱা ধানৰ যেনেকৈ বীজত্ব নেথাকে, তাৰ গজালি নেমেলে; মোৰ পৰশ পোৱা কামৰো সেইদৰে কামত্ব নেথাকে, ভোগৰ ক্ষেত্ৰত সি বৃদ্ধি নেপায়।”—কামৰ অমুৰিৰ মুৰ যেতিয়া মাৰিবই নোৱাৰি কামে প্ৰেমে সমুদায় ভগবানৰ চৰণত অৰ্পণ কৰিলেই সি সাৰ্থক হৈ যায়। ই মুখৰ কথা নহয়, সাধনাৰ কথা। কি প্ৰাণভৰ৷ এই আশ্বাস, কি সন্তাপৰ শান্তি এই মুৰুলীৰ ধ্বনি!—তথাপিতো আশঙ্কা জাগে,—