পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
সপ্তপৰ্ণ

লাগিছে,—তাতো জঘন্যতা বা অশ্লীলতা নাই,—আছে কেৱলে প্ৰেম, কেৱলে মমতাৰ মাধুৰী। বিশ্ব বিয়পিব পৰা মমতাৰ মাধুৰীক যেতিয়া আমি অহমিকাৰ মোহত অতি সংকীৰ্ণ কৰি ইন্দ্ৰিয় ভোগৰ লালসাৰে কলুষিত কৰোঁ,— তেতিয়াই সি কাম, সি জঘন্য, অশ্লীল! যৌৱনৰ উন্মাদনাত ইন্দ্ৰিয় সুখৰ লালসাই জঘন্যতা, য'ত এই লালসা নাই, ত’ত অশ্লীলতাও নাই। স্নান ঘাটৰ কাষেদি আবাল ব্ৰহ্মচাৰী নগ্ন শুকদেৱ গুচি গ'ল। শুকদেৱ তেতিয়া সুন্দৰ যুবক; অথচ স্নানৰ পৰা উঠি অহা নগ্ন দেৱবালা সকলে কাপোৰেৰে লজ্জা ঢাকিবৰ প্ৰয়োজন নুবুজিলে। বুজিবই বা কিয়? সিবিলাকৰ বুজা আছে—শুকদেৱৰ ইন্দ্ৰিয় চৰিতাৰ্থৰ লালসা নাই, গতিকে মনত অশ্লীলতাও নাই। ইন্দ্ৰিয় সুখৰ সামৰ্থ্য থকা শুকদেৱতে যেতিয়া অশ্লীলতা নেলাগিল, ইন্দ্ৰিয়ৰ অধিকাৰী ইন্দ্ৰিয়াতীত ভগবানত তাৰ গন্ধই বা থাকে কেনেকৈ?

 পুৰাণৰ আখ্যানত যোগমায়াই কোলাৰ কৃষ্ণ আৰু পূৰ্ণ যুৱতী ৰাধিকাক লৈ যি লীলাৰ সঙ্কেত দি গ'ল, সেয়ে গোলোকৰ ৰমণশীল ৰাধাকৃষ্ণৰ নিত্য লীলা! শ্ৰীকৃষ্ণক পৰম পুৰুষ আৰু ৰাধিকাক পৰমা প্ৰকৃতি বুলি, অথবা শ্ৰীকৃষ্ণক বিশ্ব-চৈতন্য আৰু ৰাধিকাক জীৱ বুলি ধৰি ললেই এই লীলা পবিত্ৰৰো পবিত্ৰ হৈ পৰে।—ব্যাস দেৱে বদৰিকা- শ্ৰমত সিদ্ধি লাভ কৰা তীব্ৰ তপস্যাৰ জীৱন্ত ফল বাদৰা- য়ণিৰ প্ৰত্যক্ষ মূৰতি গুকদেৱৰ দৰে এগৰাকী অতি উচ্চস্তৰৰ