জগন্মাতাৰ প্ৰেমৰ মিলন, এই যে আদি পুৰুষ আৰু আদ্যাশক্তিৰ একত্ব ভাব, এই যে অৰ্দ্ধনাৰীশ্বৰৰ অখণ্ড আনন্দ,—ইয়াত ইন্দ্ৰিয় সুখৰ পঙ্কিলতা ক’ত?—হৰপাৰ্ব্বতী যে ইন্দ্ৰিয়াতীত! ইন্দ্ৰিয়াতীতৰ ইন্দ্ৰিয় সুখ কি? ই যে প্ৰাণ আৰু ভাবৰ মিলন—ইয়াত ইন্দ্ৰিয় নাই, অথচ ইন্দ্ৰিয়ৰ তৃপ্তি; মন নাই, অথচ মনৰ সুখ; বুদ্ধি নাই, অথচ বুদ্ধিৰ সন্তোষ; সকলো সুখ সম্ভোষৰ সাৰ আছে, সমষ্টি-আছে; নাই তাৰ মাদকতা, নাই তাৰ জঘন্যতা! এয়ে জীৱ আৰু বিশ্ব চৈতন্যৰ আনন্দ লীলা,—আত্মা আৰু পৰমাত্মাৰ মধুৰ সঙ্গম!—বাক্যেৰে কব নোৱাৰি, মনেৰে মনিব নোৱাৰি,—ই পুণ্য হৃদয়ৰ অনুভূতিৰ ধন! আত্মাৰাম ভগবানৰ অনিৰ্ব্বচনীয় ৰমণ লীলা,—অনুপম আনন্দৰ বিনন্দবিলাস!—সদ্গুৰুৰ কৃপা নেপালে এই গভীৰৰো সুগভীৰ আনন্দৰ আস্বাদন মনেৰে আৰু বুদ্ধিৰে পোৱা অতি টান। জগৎ পিতা আৰু জগন্মাতাৰ প্ৰাণ আৰু ভাবৰ মিলনেই গোলোকৰ ৰাধাকৃষ্ণৰ নিত্য ৰমণৰ আনন্দ লীলা! এনে লীল৷ চাবলৈ অন্তৰেৰে অনুভৱ কৰিবলৈ হিয়া খনি উদাৰ কৰি পুণ্যৰ পোহৰেৰে পৰিত্ৰ কৰিব লাগিব।
যুৱতীয়ে নিজৰ বালিকা কালত লগৰ শিশু এটি সাবটি ধৰি মৰমতে অজস্ৰ চুমা যাচিছে,—তাত জঘন্যতা নাই, অশ্লীলতা নাই; যুৱতী হৈ সুন্দৰ শিশু এটিক বুকুলৈ লৈ চাই চাই হেঁপাহ নপলোৱা মুখ খনিত লাখে লাখে চুমা দিব