আমাক একেবাৰেই আঁতৰাই নি আঁৰ কৰি লৰা বুৰাৰ তফাৎ কৰি নিদিয়৷ হলে, জীৱনৰ চকৰি যদি মাহৰ চকাৰ দৰে ঘূৰি থাকিলেহেঁতেন তেতিয়া কোন দিন। কোন খেনত আমি লৰা হলে। তাকে বা কোনে কলেহেঁতেন। কেতিয়৷ কোন মুহূৰ্ত্তত আমি ডেকাৰ পৰ৷ বুৰ৷ হলোঁ, ল'ৰাৰ পৰা ডেকা হলোঁ। তাকে জানে৷ কোনোবাই কাহানিব৷ জানিছিল।
সকলে৷ ঋতুৱেই যদি বসন্ত, তেন্তে তাৰ আদি অন্তৰ ক্ষণ ক’ত? বসন্তৰ নতুন জাগৰণলৈ চাই ভালকৈ চকুত পৰা হলেই লৌকিক জগতত তাকে বছৰৰ আদি বুলি ধৰিবলৈকো সকলোৰে মন সমান নহয়। অইন জাতিৰ কথ৷ নকওঁয়েই এই ভাৰতৰ ভূ-প্ৰদেশতে জ্যোতিষ দুই এখনিৰ গইন৷ লৈ কোনে৷ কোনে৷ ঠাইত মাৰ্গশীৰ্ষ বা অগ্ৰহায়ণকে শস্য সম্পদেৰে অগ্ৰ বা শ্ৰেষ্ঠ দেখি হায়ণৰ আদি বুলি ধৰে, আৰু দীপান্বিতাৰ দীপ শলিতাৰে আদৰি আনি পাচদিন৷ প্ৰতিপদৰ পৰ৷ নতুন বছৰৰ লেখ লয়। ঠায়ে ঠায়ে ৰাম নৱমীৰ পৰা, ঠায়ে ঠায়ে ভাদৰ পূৰ্ণিমাৰ পাচৰ পৰা, কোনে৷ কোনে৷ ঠাইত আকৌ চ'তৰ শুক্ল। প্ৰতিপদৰ পৰা বছৰৰ আৰম্ভণ। এই দৰে ভাগে ভাগে যাৰ যেনে জুতি সেই অনুসাৰে নতুন বছৰ পাতে। বছৰে৷ সি পথাৰৰ মাজৰ মুঢ়৷ যেনিয়ে পোনায় তেনিয়ে পোন,⸺তেনিয়ে নতুন।
কোনো কোনে৷ ঠাইত বসন্তৰ আদিতে শ্ৰীপঞ্চমীৰ দিন। প্ৰথম সৃষ্টিৰ আৰম্ভণ কল্পনা কৰি তেতিয়াৰ পৰাই