পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
ষষ্ঠ পৰ্ণ

জিনি শান্ত স্নিগ্ধ জ্যোতিৰে জ্যোতিষ্মান সেই খনি মুখ! তাত চুমা দিয়াত যে কি আনন্দ কি গৌৰব তাক কল্পনাতো ভাবিব নোৱাৰি।—এয়ে, এয়ে প্ৰেম! ইয়েই জগতৰ যত মধুৰ, যত সুন্দৰ সেই সকলোৰে পৰশ প্ৰাণলৈ টানি আনি সেই প্ৰাণ আঁজলি ভৰি বিলাই জগত খনি সুন্দৰ আৰু মুধুৰ কৰি তুলিছে। ইয়েই মানবী হিয়াত বিশ্ব প্ৰেমৰ কণিকা বিকাশ! এই অখণ্ড প্ৰেমৰ খণ্ড অংশটিকে অলপৰ পৰ৷ বৃহত্তম কৰি বিশ্বক আকোৱালি লোৱাবলৈকে ধৰ্ম্মশাস্ত্ৰৰ চেষ্টা, অৱতাৰ বা প্ৰেৰণাৰ প্ৰয়োজন!

 পণ্ডিত সকলে কয় প্ৰেম আত্মাৰ এটি গভীৰ ভাব, যাৰ দ্বাৰা চিত্ত সম্পুৰ্ণ স্নিগ্ধ হয় আৰু প্ৰিয় জনৰ প্ৰতি অতি মমতা জন্মে। ধ্বংসৰ কাৰণ থকা সত্ত্বেও সি ধ্বংস নহয়। প্ৰেমিকৰ ৰূপ জৰা ব্যাধিৰে কুৰূপ হলেও, অৰ্থৰ অনাটনত মন জোৰাব নোৱাৰা অন্তৰৰ গ্লানিয়ে ধিক্কাৰ তুলিলেও, মৃত্যুৱে চকুৰ আগৰ পৰা আঁজুৰি নি বিচ্ছেদৰ দাৰুণ অগনিৰে দহি পুৰি ছাই কৰি দিলেও এই প্ৰেমক থমকাব নোৱাৰে। সি যেন নাচি বাগি বৈ যোৱা পৰ্ব্বতৰ নিজৰা, মহাসমুদ্ৰৰ মুৰুলী ৰৱত বাউলী হৈ ঢাপলি ধৰিছে,—শত শত শিলৰ বাধায়ো তাইক আগুৰি ৰাখিব নোৱাৰে। মৰণ মৰি গৈও এই প্ৰেম জীয়াই থৈ যায়!

 যুৱক যুৱতীৰ মাজত যৌৱনে খন্তেকীয়া মমতাৰ এটি তীব্ৰ আকৰ্ষণ আনি দিয়া দেখা যায়। সেই তীব্ৰ আকৰ্ষণৰ