আলিয়নেৰে এখনি অতি বিতোপন ফুলৰ শয্যাত এজন আদি যৌৱনৰ শ্যামসুন্দৰ পুৰুষ শুই আছে! ৰাধাই দেখিলে তেওঁৰ কোলাৰ কৃষ্ণ নাই। কোলাৰ কৃষ্ণ কিশোৰ বেশেৰে ফুলৰ শয্যাত হাঁহি আছে! তাৰ পাচত সৃষ্টিৰ বিধাতা ব্ৰহ্ম৷ আহি দুইকো বিবাহ বন্ধনেৰে বান্ধি দিলে। দুইৰো মহামিলনৰ মহানন্দই বিশ্বৰ তন্ত্ৰীত আনন্দৰ সুৰ বজাবলৈ ধৰিলে!— বৃন্দাবনৰ পাৰীত ফুলা ভাণ্ডীৰ বনৰ এই যে মধু-মিলনৰ পূৰ্ব্বাভাস ইয়েই সকলো মধুৰ ৰসেৰে ৰসময় হৈ, সকলো সুন্দৰৰ সৌন্দৰ্য্য সকলো মধুৰৰ মাধুৰী লৈ মুনিমনোৰম বেশেৰে পাচলৈ বৃন্দাবনৰ অন্তৰলৈ গৈ ব্ৰজ-গোপিনীৰ পূৰ্ণৰাস স্বৰূপে জিলিকি পৰিল! মধুৰ-ৰসেৰে বৃন্দাবন পৰিপূৰ্ণ হ’ল,—“শ্ৰীমদ্ বৃন্দাবনং ৰম্যং পূৰ্ণানন্দৰসাশ্ৰয়ম।”
এই আখ্যানটিৰে পুৰাণকাৰে ৰাধা কৃষ্ণ প্ৰেমৰ এটি সুন্দৰ আভাস দিলে। এই যে ৰাধা কৃষ্ণৰ প্ৰথম মিলন ইয়াত দেখিছো কি?—গাভৰু গোপবালাই বাপেকৰ কোলাৰ পৰা অতি সুন্দৰ কানাইক নিজৰ বুকুলৈ টানি আনি সাবটি ধৰি তুল্-তুলীয়া মুখ খনিত অজস্ৰ চুমা দিছে! সেই দৃশ্য দেখি বাপেকি আনন্দত বিভোল হব, মাইকি আনন্দত বিভোল হব, আৰু যদি গাভৰুৰ স্বামী থাকে তেওঁ, চায়ো আনন্দত বিভোল হব।—এটি সুন্দৰ, এটি মধুৰ বস্তুক মন-প্ৰাণেৰে ভাল পাব তাতকৈ আনন্দৰ কথা আৰু কি হব পাৰে? এনেয়ে শিশু, তাতে কানাই—কোটি চন্দ্ৰমা