যেন ৰাধা নহয়, পৃথিবীৰ সকলো প্ৰেমিকাৰ প্ৰাণভৰা আকুলতা, সকলো বিৰহিণীৰ ধাৰ নিছিগা চকুৰ পানী,— শোকৰ শীতাশ্ৰু নহয়, প্ৰাণৰ আনন্দেৰে উতলি উঠা প্ৰেমৰ লোতক! সংসাৰৰ লৌকিকতাৰ অত্যাচাৰত বিধতাৰ নিদাৰুণ বিধানত প্ৰাণে প্ৰাণে মিলি অহা প্ৰেমিক প্ৰেমিকাৰ কি আলৈ-বিলৈ, শ্ৰাৱণৰ ধাৰাৰ দৰে কি সেই অশ্ৰু বৰিষণ! সীতা দেবীৰ কৰুণ কাহিনীৰ দৰে এই প্ৰাণস্পৰ্শী কাহিনী শুনিলে প্ৰাণে বিনাবলৈ ধৰে! — ৰাধাৰ জীৱন আড়ম্বৰ আৰু বৈচিত্ৰ্যহীন হলেও তাত মানুহৰ মন টানি নিব পৰা উপন্যাস বা কবিতাৰ ভালেখিনি উপাদান আছে!—
মুখ নামোলাবা, মাতৃ! তুমি এই উপন্যাস বা কবিতাৰ ৰাধাৰ কথা কব খোজা নাই। মই বুজিছোঁ,— তুমি কব খুজিছা প্ৰাণৰ ৰাধাৰ কথা,— যাৰ মাধুৰী ইতিহাসৰ ভিতৰেদি কবিতাৰ প্ৰাণৰো প্ৰাণৰ মাজেদি ফুটি ফুটি উপচি পৰিছে৷
মধুৰ ব্ৰজপুৰত নন্দৰ কানায়ো তোলনীয়া, বৃষভানুৰ ৰাধাও তোলনীয়া। ব্ৰহ্মবৈবৰ্ত্ত পুৰাণে কয়,— কলাৱতীয়ে ৰাধাক জন্ম দিবলৈ যি গৰ্ভধাৰণ কৰিছিল সি বায়ুপূৰ্ণ মায়াৰ গৰ্ভ। আচলতে ৰাধা অযোনিসম্ভৱা হৈ সীতাদেবীৰ দৰে জন্ম গ্ৰহণ কৰিছিল। মানুহৰ জনমে সাধাৰণ সন্তান। অতি অসাধাৰণ তেজৰ যি, যাৰ কোনো কালে জনম নাই মৰণ নাই তেনে জনক জন্মই বা দিয়ে কোনে? এনে ক্ষেত্ৰত জন্ম দিয়াতকৈ তুলি তালি লোৱা বুলিলেহে কথাটি