পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
ষষ্ঠ পৰ্ণ

নহয়,— শত বছৰৰ অমূৰ্ত্তক বিৰহ! — যেই দিন ধৰি ঘৰ্ঘৰ ৰবেৰে অক্ৰূৰৰ ক্ৰূৰৰথে গকুলৰ গোপিনীৰ হিয়া ধুনা বিননি তল পেলাই মথুৰাৰ অভিমুখে প্ৰাণৰ কানাই বলাইক লৈ গুচি গল, সেই দিন ধৰি এই দাৰুণ বিৰহৰ হৃদিবিদাৰক আৰম্ভণ!— মথুৰালীলাৰ পাচত দ্বাৰকালীলা সাঙ্গ হলত কৃষ্ণই যেতিয়া নিজা তেজ সংহৰণ কৰি মহা প্ৰয়াণলৈ প্ৰস্তুত হল, তেতিয়া প্ৰভাসত পুণ্যতীৰ্থ পৰ্য্যটন কৰাৰ আগতে প্ৰিয় গোপ গোপিনী আৰু ৰাধিকাৰ সৈতে শ্ৰীকৃষ্ণৰ পুনৰ্ম্মিলন হয়। এই মহা মিলনৰ মহা আনন্দৰ মাজেদি ৰাধাৰ দেহাই কৃষ্ণত্ব পালে, আৰু প্ৰভাস তীৰ্থত যদুবংশৰ অৱসানৰ লগে লগেই শ্ৰীকৃষ্ণৰো মহাপ্ৰস্থান হ'ল।

 এয়ে শ্ৰীৰাধিকাৰ অতি চমু ঐতিহাসিক জীৱন। ৰাধা কৃষ্ণগত প্ৰাণা৷ সংসাৰৰ সকলো কামৰ সুৰুঙাই চাই থাকিলে হেঁপাহ নপলোৱা কৃষ্ণৰ মুখখনি চাবলৈ অন্তৰৰ যিটি হেপাহ তাকে কথা বা কাৰ্য্যেৰে নুফুটাবলৈ গৈ ফুটাই পেলোৱা,—এই যে “ন যযৌ ন তস্থৌ” অৱস্থা,—এই যে নতুন যুৱতীৰ নৱ যৌৱন লুকাবলৈ গৈ উলিয়াব খোজা ৰাধাৰ পূৰ্ব্বৰাগ, অভিসাৰ, মিলন, মান, বিৰহ, আৰু ভাব সম্মিলনৰ অমৃতোপম প্ৰেমৰ প্ৰয়াস,—ইয়াকে লৈয়েই জয়দেব প্ৰমুখ্যে ভালেখিনি কবিয়ে অতি উপাদেয় অতি মধুৰ কবিতাৰ ৰস বোৱাই গৈছে। মনত এনেহে লাগে যেন ৰাধা ৰাধা নহয়, মধুৰ কবিতাৰ চলন্তা মূৰতি; ৰাধা