পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ পৰ্ণ

 দিনৰ অৱসানত দিনলৈ চাই নিৰলে বহি আছোঁ। এনেতে দেখিলোঁ—এক অপৰূপ লাহ-লোটনেৰে হাঁহি হাঁহি তুমি আহিছা। তোমাৰ হাঁহিটিৰ জিলিকনি যেন চাৰিও পিনে বিয়পি পৰিছে, জুৰিটিহঁতে হাঁহি নাচি আপোন পাহৰি যোৱা পাহৰা সুৰ তোমাৰ হাঁহিটি চাই মিলাই লৈছে। ফুলে ফুলে, লতাই লতাই, তোমাৰ হাঁহিটিৰেই কিৰণ একো কণি জিলিকি উঠিছে! মাজে মাজে হাঁহিটি তুমি আঁচলেৰে ঢাকি লুকাব খুজিছা? অন্তৰৰ হাঁহিটি তোমাৰ চকু যেন জগতত শতধাৰে বিৰিঙ্গি পৰিছে! লুকাব নোৱাৰিবা। জগতক হঁহুৱাবলৈ সেই হাঁহি,— এখনি আঁচলেৰে কি তাক ঢাকি ধৰিবা! আহাঁ মা, তোমাৰ মাধুৰ্য্যৰ, তোমাৰ আনন্দৰ সুৱদি সম্ভাৰেৰে এবাৰ মোৰ আগত বহাঁহি। বুজিছোঁ — আজি তুমি ৰাধাৰ ধেমালিৰে ওমলাব খুজিছা; সেইহে তোমাৰ আনন্দই নধৰা হৈছে!

 আজি পাঁচ হেজাৰ বছৰ হৈ গ'ল, শ্ৰীকৃষ্ণৰ জন্মৰ কেবছৰ- মান আগতে এদিনা ভাদ মাহৰ শুক্লাষ্টমীৰ ভৰ দুপৰীয়া ব্ৰজপুৰৰ বৃষভানুৰ পত্নী কলাৱতীৰ গৰ্ভত শ্ৰীৰাধিকাৰ জনম। মাক বাপেকৰ চেনেহৰ আতোল-তোলত ৰাধাই শুক্ল পক্ষৰ চন্দ্ৰৰ দৰে দিনক দিনে বাঢ়ি বাঢ়ি ব্ৰজ গোপিনীসকলৰ মনত