ৰূপটি আছে, সেই ৰূপ মথুৰাৰ হাটত চাবলৈ হলে কানায়ে বাট দি লৈ যাব লাগিব। ভগবানৰ দয়া নহলে, ভগবানে বাট নিদিলে মায়া মোহত জলকা লাগি থকা জীৱ আধ্যাত্মিকতাৰ সেই উজ্জ্বল লোকলৈ যাব নোৱাৰে, তুমি ইয়াকে কব খোজা নাই মিচিক কৰে হাঁহিলা, হাঁহিটিত নে? এইবাৰ, এইবাৰ তুমি তোমাৰ আজি কিহৰ সুৰ! ইমান শুৱলা, ইমান সুন্দৰ! কোনোবা দূৰ দূৰণিৰ,—আকাশে পাতালে য'ত আকোলাআকুলি কৰিছে,—তাতোকৈ দূৰ, তাতোকৈ দূৰণিৰ,—কিবা যেন আদি অন্তহীন মহা-সিন্ধুৰ সিপাৰৰ সঙ্গীত এটি শুনা নুশুনাকৈ বাজি বাজি উঠিছে! এইয়া, মোৰ প্ৰাণৰ মাজত, ইমান ওচৰত যেন শুনিছোঁ! কোৱা মা, ফুটি নেবাজে কিয়? ফুটাই দিয়াঁ,আৰু ফুটোৱাঁ। তুমি গুচি গ'লা? গাই যোৱাঁ—এবাৰ প্ৰাণৰ মাজত ফুটি পৰক, গোৱাঁ গোৱাঁ, গাই যোৱাঁ:—
“মথুৰাৰ হাটলৈ যাবকে নোৱাৰি
কানায়ে নিদিলে, বাট ঐ
গোবিন্দাই ৰাম।
ৰাধাই বোলে কানাই নিয়৷ পাৰে কৰি,
যাওঁ মথুৰাৰ হাট ঐ
গোবিন্দাই .ৰাম॥”
⸻