বছৰৰ আঁতটি উলিওৱাও ঢিলা নহয়। চক্ৰাকাৰে ঘূৰি
থকা বাৰ মাহৰ কোন মাহটি নতুন, কোনটি প্ৰথম, তাকে
বা কয় কোনে? দৈবকী দেবীৰ প্ৰথম সন্তানটি এৰি দিয়াত
সুচতুৰ নাৰদ মুনিয়ে ক সৰাজক বুজাইছিল⸺যিটি তেওঁ
প্ৰথম সন্তান বুলি এৰি দিলে সেইটিয়েই অষ্টমো হব পাৰে।
দৈবকীৰ উদৰৰ সন্তান, সিবিলাকৰ প্ৰথম আৰু অষ্টমৰ
ভেদ নাই। কথাটি মনত লাগি যোৱাকৈ বুজাবলৈ বুলি
আঠোটা গুটিৰে হাতৰ মালা ধাৰিৰ পাটন দি দেখুৱালে
এটি গুটি প্ৰথম বুলি ধৰিলে লেখত যিটি অষ্টম হয়,
প্ৰথমটিৰ আগৰটিক প্ৰথম ধৰি লেখিলে আগৰ প্ৰথমটি
অষ্টম হৈ যায়। অনন্তৰ গৰ্ভত বাৰমাহৰ বাৰটীয়া মণিমালাৰ
প্ৰতিটি মণিয়েই প্ৰথম, প্ৰতিটিয়েই দ্বাদশ। বসন্তকে
শিশু লীলাৰ অভিনয় বুলি আঁত ওলোৱাৰ আশাত বিচাৰিবলৈ
ললে শেহন্তৰত আউলৰ মাজত দেখা যায় “পচোৱা বতাহৰ
আগ অনা” যেনে তাৰ আঁত উলিওৱাও তেনে। প্ৰতিটো
ঋতুৱে শৈশবৰ পৰা যৌবনলৈকে যৌবনৰ পৰা জৰালৈকে
ভেষছন কৰি কৰি চিনাকি দি যায়হি⸺মই সেই চিৰ-বসন্ত,
এতিয়৷ ল’ৰা হৈছোঁ, এতিয়৷ ডেকা হৈছোঁ, এতিয়া বুৰা
হৈছোঁ। আমাৰ ভিতৰৰ “বুৰা জীৱটিলৈ” চাই মনে নো
নেমানি থাকে কেনেকৈ? তেওঁ নিজে ‘বুৰা জীৱ’ হৈও
লৰা কালত যি ‘মই' বুলি সমিধান দিছিল, আলৰ বুৰা
কালতো সেই একেটি ‘মই’ৰে সমিধান দিয়ে। মৰণে
পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
সপ্তপৰ্ণ