পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
পঞ্চম পৰ্ণ

বিজ্ঞানৰ আলোকত পৰমাণুৰ নতুন তথ্য আবিষ্কাৰৰ একেটি “ঘেকেচতে” জড়বাদীৰ “ৰজাৰ দ’ল” ভাগি যাবৰে পৰা ভালেখিনি বৈজ্ঞানিকে আজি কালি মুক্তকণ্ঠে স্বীকাৰ কৰে—জড়-প্ৰকৃতিৰে যি জড় সি আচলতে শক্তিহে, ঘনীভূত হৈ জড়ত পৰিণত হৈছে,—সি এক শক্তিশীল অজড়-অজড় ইচ্ছা বা চেতনা শক্তিৰ বিকাশ। জড়শক্তি জগতৰ উপাদান কাৰণ, যেনে মৃত্তিকা ঘটৰ উপাদান কাৰণ; চিৎশক্তি জগতৰ নিমিত্ত কাৰণ, যেনে কুম্ভকাৰৰ ইচ্ছা শক্তি;—এই দুই শক্তি একেই মহাশক্তিৰ ৰূপান্তৰ। এই মহাশক্তিয়েই ভাৰতৰ ভগবতী—আদ্যাশক্তি, যি জনম আৰু মৰণ লীলাৰে বিশ্বজগতত আনন্দৰ তৰঙ্গ তুলিছে। সেইহে জড়বিজ্ঞানে যেতিয়া কয়, “জড় এই দৰে চলে”, ভাৰতে কয়,—“ভগবানে জড়ক এই দৰেই চলায়।” সেইহে ভাৰতৰ মনীষীয়ে ক্ৰমবিকাশৰ মতটি শোধন কৰি এনেদৰে গ্ৰহণ কৰে,—জড় পদাৰ্থই বিবৰ্ত্তনৰ ধাৰা অনুযায়ী ক্ৰমান্বয়ে মূক অৱস্থাৰ জৈব পদাৰ্থৰ পৰা কথা কব পৰা চিন্তাশীল মানবৰ আকাৰত পৰিণত হয় সঁচা, কিন্তু আচলতে পৰিণতি হল পদাৰ্থগত শক্তিত জগতৰ চৈতন্য শক্তিৰ বিকাশ। চৈতন্য শক্তিয়ে চলোৱা বিবৰ্ত্তবাদত ভাৰতৰ চকুৰে চালে সত্য উজ্জ্বল হৈ জিলিকি পৰে৷ তাৰ আলোকত স্পষ্ট দেখা যায়—বিবৰ্ত্তনশীল পদাৰ্থৰ যি উৰ্দ্ধগামী উত্তৰণৰ চেষ্টা তাৰ লগে লগে বিৰাট চৈতন্যৰ নিম্নগামী কৰুণা,