প্ৰাণেৰে মনিছে; সেইহে সি সৃষ্টিৰ মঙ্গলৰ এই প্ৰেৰণাতো মঙ্গলময় শিৱৰ সুপ্ৰকাশ দেখি নতশিৰে নমস্কাৰ কৰি কবই লাগিছে—ভগবান আহে। প্ৰেৰণাৰ মাজেদি নামি আহে।
ভগবান নামি অহা সম্বন্ধে ভাৰতৰ ঋষি মুনিৰ মত আৰু ব্যাপক, আৰু উদাৰ। অকল মানুহৰ জগতকে নহয়, তাৰো সীমা অতিক্ৰম কৰি গোটেই জগতখনিকে আঁকোৱালি ধৰি সেই মতৰ চিৰন্তন সত্য জিলিকি পৰিছে। যেনিয়েই চোৱা যায় তেনিয়েই সি সত্য, তেনিয়েই সি সুন্দৰ!—এনে এদিন আছিল, যিদিনা পৃথিবীত মানুহলৈ ঠাই ওলোৱা নাছিল। পৃথিবীখনি আজিৰ পৃথিবী নহয়,—এক মহাৰ্ণব! ভগবানৰ ইচ্ছা হ’ল ক্ৰম বিকাশেৰে পৃথিবীখনি গঢ়ি তুলিবলৈ। পৃথিবীৰ সৃষ্টি ৰহস্যত সৃষ্টি পাতনিৰে পৰা দুটা পৰম্পৰ বিৰোধী শক্তিৰ সংঘৰ্ষ অকল দৰ্শনেই নহয়, বিজ্ঞানেও মানে। যিটি শক্তিয়ে ক্ৰমবিকাশৰ মুখে জগতখনি নিৰ্ব্বিঘ্নে লৈ যাব খোজে তাকে ভাৰতে দৈব শক্তি বোলে, আৰু যি শক্তিয়ে প্ৰতিকূলে ক্ৰিয়া কৰি দৈব শক্তিত বাধা ব্যতিক্ৰম ওপজায় সেয়েই দৈত্য শক্তি। এই দুই শক্তিৰ সংঘৰ্ষ—দেৱাসুৰৰ সংগ্ৰাম—অনবৰত চলিবই লাগিছে। সৃষ্টিৰ আদিতে মধু কৈটভ আৰু বিষ্ণুৰ এখন তুমুল সংগ্ৰাম হয়। বিষ্ণুৰ বৈষ্ণবী শক্তিয়ে মধুকৈটভৰ আসুৰ শক্তি নাশ কৰি দুইৰো মেদেৰে মেদিনী কৰিলে। অসুৰৰ মেদ—আজিও সি ছেগে ছেগে তাৰ দুৰ্গন্ধেৰে পৃথিবীখনি বাসৰ অনুপযোগী কৰি তুলিব