পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেলিব কিয় ? পৰমানন্দৰ আহ্বানতেই বহুৰ বহু মঙ্গল কৰিবলৈ মানুহৰ প্ৰবৃত্তি জাগে। এই আনন্দই উদ্দীপনা দি দিয়েই মঙ্গলময়ৰ ইচ্ছা পালন কৰোৱায়। ইয়েই যে মঙ্গলময়ৰ মঙ্গলৰ প্ৰেৰণা৷ ভাৰতৰ মানত বহুৰ বহু মঙ্গল এখনি যেন মিলনৰ মহাতীৰ্থ,—য'ত মঙ্গলময়ৰ শুভ ইচ্ছা আৰু মানুহৰ কৰ্ম্মচেষ্টাৰ এক অনির্বচনীয় মধু মিলন হৈ পৰিছে ! এইখিনিকে সিবিলাকে পূৰাকৈ মানিব নোখোজে। এক যে বহু হৈ প্ৰকাশ পাইছে এই তত্ত্ব সিবিলাকৰ বৈজ্ঞানিক যুক্তিয়ে সামৰিব নোৱাৰে গুণে সিবিলাকে মঙ্গলময়ৰ ইচ্ছা ধৰ্ম্ম বিশ্বাস বুলি খেলৰ বাহিৰে থৈ বহুৰ বহু মঙ্গল কৰাতে পদ সামৰি ভণিতা মাতে। ভাৰত তাত ৰয় কেনেকৈ? ধৰ্ম্ম বিশ্বাসতো যুক্তি আছে, বিশ্বাস আছে। বৈজ্ঞানিক যুক্তিয়েই যে বিশ্বাসৰ একমাত্র সম্বল তাকো সিবিলাকে সিবিলাকৰ যুক্তিৰে প্ৰমাণ কৰিব নোৱাৰে। কত অবৈজ্ঞানিক যুক্তিৰ দৃঢ় বিশ্বাসেৰে কত বিজ্ঞ বৈজ্ঞানিকে নিজৰ জীৱন শান্তিময় কৰিছে! ইমান দিনৰ অটল বিশ্বাস এজনে নহয় দুজনে নহয়, অগণন যোগী ঋষিয়ে উপলব্ধি কৰি যোৱা সত্যৰ আলোক ভাৰতে নেমানি থাকে কেনেকৈ ? যি মহাপ্ৰাণৰ পৰা প্ৰাণে প্রথম প্ৰৈতি বা প্ৰেৰণা পাইছিল—নিতে নিতে নিমিষে নিমিষে আজিও সেই প্রৈতি সেই প্ৰেৰণাৰ পৰশ পাইয়ে আছে। তাৰ প্ৰাণত তাৰ স্পন্দন নহয়, সেই বিশ্বপ্ৰাণৰ মধু-স্পন্দন! সি কাণেৰে শুনিছে,