অপমান হৈ গল। আৰু কিমান কলঙ্ক পৃথিবীৰ মূৰত জাপি দিম? এইবাৰ, এইবাৰ আহিলে—সকলো অপমানৰ প্ৰতি- শোধ লম—কেশেৰে চৰণ মচি দি হৃদয়ৰ সিংহাসনত বহুৱাই নিজৰ চুলি ছিঙ্গি হিয়া খুন্দি কান্দি কান্দি অশ্ৰুৰ নদী বোৱাই দিম। যাতে ধলত তাৰ গোটেই হৃদয় উটি ভাহি গৈ কেৱলে জিলিকাই থয় তেওঁৰ সেই ৰাতুল চৰণ।—এই উদ্দেশ্যে সঁচাকৈয়ে শিক্ষিত সম্প্ৰদায়ৰ এদল বিশিষ্ট ভক্তই এতিয়াৰে পৰা জন-মত গঢ়িবলৈ হাতে কলমে লাগি পৰিছে। সিবিলাকৰ দৃঢ় বিশ্বাস—ভগবান নামি আহে, তেওঁ আহিব।
জগতৰ যিসকল বিদ্বানে ঈশ্বৰ নামি অহা বা ঈশ্বৰৰ অস্তিত্ব প্ৰকাশ্যে স্বীকাৰ নকৰে সিবিলাকেও পাকে প্ৰকাৰে এনে এটি প্ৰেৰণাৰ কথা নেমানি নোৱাৰে। অনন্ত সাগৰৰ প্ৰতি কণিকাত সাগৰৰ ঝঙ্কাৰ জিকাৰি উঠাদি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি অনুকণাত সৰ্ব্বব্যাপক পৰমেশ্বৰৰ প্ৰৈতিয়ে অনন্ত কাল জিকাৰিবই লাগিছে। ভগবানৰ প্ৰেম যে ৰুদ্ধ দুৱাৰলৈকো বৈ যায়। নিজৰ হিত, সমাজৰ হিত, বিশ্বৰ হিত সাধিবলৈ সিবিলাকে অন্তৰৰ বোধ এটি স্বীকাৰ কৰে। ইয়াকে হিতা-হিত বিবেচনা বা বিবেক বোলে। এই বিবেকেই ভাল কাম কৰিবলৈ উদ্গণি দিয়ে, বেয়া কাম কৰিলে অনুশোচনা আনে। এই অনুশোচনাৰ দংশনলৈ ভয় কৰিয়েই সিবিলাক গৰ্হিত কামৰ পৰা আঁতৰি সত্য পথত থাকে। আচৰিত এয়ে যে এই বিবেকে সদায় নিজৰ, সমাজৰ আৰু সমূহৰ