এই যে এটি মুহূৰ্ত্ত মোৰ মনলৈ আহিছেই ই এটি
নিমিষৰ আগতে মোলৈ নতুন হৈ আছিল, এটি নিমিযৰ
পাচতে পুৰণি হৈ যাব। মোৰ মনৰ মাজেদি যাওতে মোৰ
মনত নতুন পুৰণি লাগি যায। ই মোৰ মনে পতা সম্বন্ধ,
মনে দিযা নাম। মুহূৰ্ত্তটিৰ বেলিকা স্বাতন্ত্ৰ্যভাবে পুৰণি
বোলা একো নাই। মানুহৰ চকুত পৰা হলেই সি পুৰণি,
পৰিবলৈ ধৰিলেই সি নতুন, এক যেন বোৱতী নৈৰ গহীন
সুঁতি, তাত মই চাই পঠোৱা সোতৰ ভাগ পুৰণি হলেও
মোৰ ভটিযনিত থকা পাণীলৈ সি নতুন। নৈৰ সু তিৰ
পুৰণি ক’ত? এজনলৈ যি পুৰণি সিযে আন এজনলৈ
নতুন! কালৰ সুঁতিৰ পৰণি নেথাকিলেও তাক পোৱাৰ
পৰা পাবলৈ থকালৈ মনটি টানি আনোতে পোৱাৰ তৃপ্তি
আৰু পাবলৈ থকাৰ লালসা মনে নিজে অনুভৱ কৰে।
এই তৃপ্তি এই লালসাৰ উলাহেই মনত এটি নতুন পুৰণিৰ
ভাব জগাই দিয়ে। ইন্দ্ৰজাল আচলতে মিছা। কিন্তু মনৰ
আবেগে ইন্দ্ৰজাল দেখি যি তৃপ্তি পায় সেই তৃপ্তিটি মিছা হয়
কেনেকৈ? এইদৰেই দিনৰ অন্তত, বছৰৰ অদ্ভুত কৰ্ম্মৰ অন্তই
অন্তই নতুন পুৰণিৰ মধুৰ বীণ বাজি উঠে। কামৰ অন্তত
জিৰণিয়ে তাৰ ক্লান্তিত শান্তি দিয়ে আৰু এই বীণৰ মধুৰ
গুঞ্জনে তাৰ মনটি নতুনকৈ নচুৱাই তোলে।
জৰা মৰণৰ জালী পুতলি মানুহৰ এনে শকতি ক’ত যে সি একেটি কামকে এতিলো নোৰোৱাকৈ জীৱন বিয়াপি