প্ৰেৰণাৰ মাজেদি, শুদ্ধ সত্ত্বৰ শৰীৰৰ মাজেদি তেওঁ সঁচাকৈয়ে নামি আহে। যেতিয়াই বিপথগামী সন্তানৰ বেচি পোহৰৰ প্ৰয়োজন হয়, তেতিয়াই তেওঁ নিজৰ পুত্ৰৰ মুখেৰে, দূতৰ মুখেৰে, কোনো শৰীৰীৰ মুখেৰে প্ৰত্যক্ষে প্ৰেমৰ বাতৰি বলাই আনি পথৰ সন্ধান দি যায়, যাতে তেওঁৰ অবাটে যোৱা জগত খনি বাটলৈ আহে। আধাৰ ভিন ভিন হলেও এই দৰেই দেশে দেশে কালে কালে অনাদি কালৰ পৰা একেটি প্ৰমাণ জলিয়েই আছে—ভগবান আহে, নামি আহে।
তেওঁ নামি আহে। পৃথিবীৰ কি দুৰ্ভাগ্য তেওঁক হাতত পাই চিনিব নোৱাৰি কত অপমান কৰে, কত লাঞ্ছনা দিয়ে। পৃথিবীলৈ পোহৰ অনাৰ পুৰস্কাৰ তেওঁ কতবাৰ পাব লাগিছে,—লদিৰ কোবত তেজেৰে কত যে ৰাঙ্গলি কৰিলে, জীয়াই জীয়াই কত জুইত পুৰিলে, পিশাচৰ দৰে পেৰেঙ্গত তুলি পিঙ্গত দিলে; তেও তেওঁ নামি আহে। আকলন নথকা সন্তানক বাট ধৰাই দি যাবলৈ অসীম প্ৰেমেৰে নামি আহে, নিজৰ জীৱনেৰে প্ৰেমৰ বাণী জ্বলাই দি গুচি যায়। তেওঁ আহিব, আকৌ আহিব। বৰ্তমান জগত জোৰা যি হাহাকাৰ, যি উৎপাত—তাৰ প্ৰতাপত পৃথিবীৰ শান্তি নাই। আকৌ এবাৰ ব্ৰহ্মালৈ চাই পৃথিবীয়ে বিনাব লাগিছে—ভীষণ সমস্যাৰ সমাধান লাগে। আকৌ তেওঁ আহিব। পৃথিবীৰ চকুৰ পানী মচি দিবলৈ ভগবান আমাৰ আহিব।—তেতিয়৷ জানোচা তেওঁক নিচিনি অপমান কৰোঁ। কত