পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সপ্তপৰ্ণ

ভিতৰে নিজৰ ঐশী তেজ বিকীৰণ কৰি কৰি অনন্ত আকাশৰ কোলালৈ চৰায়ে আপোন পোৱালি উৰুৱাই নিয়া দি লৈ যাব পাৰে।

 অকল ভাৰতৰ সনাতন ধৰ্ম্মই নহয়, জগতৰ যি যি ধৰ্ম্মই ঈশ্বৰ স্বীকাৰ কৰে সেই সকলো ধৰ্ম্মৰে অটল বিশ্বাস ভগবান, নামি আহে। পৃথিবীৰ ইতিহাসত চিৰদিন ধৰ্ম্মৰ জয় অধৰ্ম্মৰ ঘোৰ পৰাজয় দেখি কোনো কোনো দাৰ্শনিকে এই যুক্তিৰেও ভগবানৰ অস্তিত্ব প্ৰমাণ কৰিব খোজে। এই প্ৰমাণ স্বীকাৰ কৰিলে লগে লগে ঈশ্বৰ নামি অহাৰ প্ৰমাণে আৰু বল পায়। ধৰ্ম্মৰ জয় কৰিবলৈ হলেই নানা বিৰোধ শক্তিৰ সাংঘাতিক সংঘৰ্ষৰ মাজেদি অন্ধ জগতক বাট দেখুৱাই জয়ৰ মুখে মুখে লৈ যাবই লাগিব,—তেহেলৈ নৈতিক শক্তিৰ প্ৰেৰণাই হওক, অথবা শৰীৰৰ আবেশেৰেই হওক, ৰথৰ সাৰথি নাৰায়ণ নহলে কোনে কুৰুক্ষেত্ৰৰ মাজে দি অৰ্জ্জুনক বিজয়ী কৰি লৈ যায়?—ভগবান নামি আহে, নহলে ঈশ্বৰ আৰু মানুহৰ মিল হয় কেনেকৈ? মানুহৰ চেষ্টা আৰু ভগবানৰ প্ৰেমৰ পৰশ নহলে এনে মিলন যে অসম্ভৱ। সৃষ্টিৰ উদ্দেশ্য কি, ৰহস্য কি, সেই সন্ধান সৃষ্টিকৰ্ত্তাত বাজে বুজে কোনে? তেওঁৰ উদ্দেশ্য বা লক্ষ্যলৈ প্ৰকাশ্যে বা অপ্ৰকাশ্যে তেওঁয়েই লৈ যায়, নহলে জগত যায় কলৈ? লক্ষ্যৰ সন্ধান তেওঁয়েই দিয়ে,—সেই সন্ধানত আমি তেওঁৰেই প্ৰকাশ অনুভৱ কৰোঁ। তেওঁ আহে,—বাণীৰ মাজেদি,