পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
পঞ্চম পৰ্ণ

বেশেৰে ঘাটৰ ঘাটে সেই প্ৰাণৰো প্ৰাণ মহাপ্ৰাণ নন্দৰ কানাই। ঘাট যেন ঘাট নহয়, একো একোটি ধৰ্ম্মমত। একেজনা ভগবানেই বিভিন্ন বেশেৰে ঘাটে ঘাটে জীৱক পাৰ কৰি নিছে। বিভিন্ন মতৰ বিভিন্ন ধৰ্ম্মৰ কি সুন্দৰ সমন্বয়! সাম্প্ৰদায়িকতাৰ তুমুল কোলাহল একেটি গানতে মিলি গল। আকাশত যেন জিলিকি পৰিল এক মহান্ সত্য—কানাইৰ যি খনি মথুৰাৰ হাট, তালৈ বাট দি লৈ যায় কানায়েই!

 ভগবানে শ্ৰীগীতাত কৈ গৈছে—যেতিয়া যেতিয়াই ধৰ্ম্মৰ গ্লানি হৈ অধৰ্ম্মৰ প্ৰাদুৰ্ভাব বেচি হয় তেতিয়াই সাধু সকলৰ পৰিত্ৰাণ আৰু দুষ্টৰ বিনাশ সাধন কৰি ধৰ্ম্ম সংস্থাপন কৰিবলৈ মই যুগে যুগে অবতীৰ্ণ হওঁ। আৰু কৈছে—মোৰ কৰিব লগীয়া একোৱেই নাই, তথাপি মই লোক সংগ্ৰহৰ অৰ্থে কাম কৰোঁ,—জানোচা মোক নিষ্কৰ্ম্মা দেখি জগত কামৰ পৰা আঁতৰি থাকে।—ইয়াতকৈ মুকলি কথা আৰু কি হব পাৰে? ভগবান প্ৰকাশ পায়,—ভেদ জ্ঞানৰ জগতত সাধাৰণ ভাষাৰে কবলৈ গলে—তেওঁ নামি আহে। যেতিয়াই জগতৰ দৈত্য শক্তিয়ে দৈব শক্তিক দবাই দি পৃথিবীৰ প্ৰগতিত বাধা দিয়ে, নিজৰ সৃষ্টিৰ বাটৰ বাধা আঁতৰাই দিবলৈ ভগবান নামি আহে; নামি আহে এক কৰ্মময় জীৱনেৰে, যাতে পৃথিবীৰ অজান সন্তানে চানেকি চাই চাই নিজৰ জীৱন বাছিব পাৰে, যাতে ৰক্ত মাংসৰ আকুলি- বিকুলি লৈ হঁহা-কন্দাৰ মাজে মাজে ভয় সংশয়ৰ ভিতৰে