পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
পঞ্চম পৰ্ণ

ব্ৰজলীলাৰ যৱনিকা পৰিল। ইয়াৰ আগতে কোনো দিন ৰাধাকে বা অন্য গোপ গোপিনীকে কানায়ে নিজে পাৰ কৰি একেবাৰে মথুৰা হাটলৈকে বাট দি লৈ যোৱাৰ কথাও ক’তো শুনা নেযায়। সৰ্ব্বসাধাৰণে বেচা কিনা কৰিবলৈ নিজ ইচ্ছাৰে যাব পৰা মথুৰাহাটলৈ যোৱাত দেখাদেখিকৈ কোনো বাধা নাই যেতিয়া, ৰাধাই আজি অন্তৰেৰে যাব খোজে তেনে এক মথুৰাহাটলৈ, য’লৈ যাবলৈ হলে অশৰীৰী কানায়ে বাট দিব লাগিব, পাৰ কৰি নিবও লাগিব। ফুল পাহিৰ সাধাৰণে এনেয়ে যিখিনি পায় সেইখিনিয়েই নহয়, ৰাধাক আচলতে লাগে সেই খিনি যিখিনি এনেয়ে পোৱা নেযায়,—পোৱাৰ মাজতো নোপোৱা হৈ যি চিৰ-সুন্দৰে হাঁহিব লাগিছে!

 মনত পৰিছে,—তাহানি বঙ্গদেশৰ ‘কৃষ্ণলীলা’ চাই ফুৰোঁতে এটি লীলাত দেখিছিলোঁ কেগৰাকীমান মুখ চোকা গোপিনীৰ লগত শ্ৰীৰাধিকা মথুৰাৰ হাটলৈ গৈছিল। যমুনাৰ ঘাট পাই সিবিলাকে দেখিলে—‘পারে কে যাবি, কে যাবি বুলি গীত এটি গাই গাই গুটীয়া নাও এখনিত ঘাটৈৰ বেশেৰে—কলীয়া কানাই। যাৰ ‘এক মন’ ওজন কানায়ে হেনো তাক হে পাৰ কৰিব। ‘দুই মন’ ওজনৰ মানুহলৈ বোলে সেই খনি নাও নহয়,—মাজ যমুনাত বুৰাৰ ভয়। এই মন শব্দটিয়ে বাঙ্গলা ভাষাত মন আৰু মোন দুয়োকো বুজায়। যি এক মনেৰে তদ্গত চিত্তেৰে যায়, তালৈহে সেই খনি