বৃন্দাবনৰ ৰাস মণ্ডলত যি মহেশ্বৰৰ তেজৰ আভাস জলি উঠিছিল, সেই তেজ কুৰুক্ষেত্ৰত অৰ্জ্জুনৰ আগত প্ৰকাশ পোৱা সকলো কাল সকলো ব্যৱধান ব্যাপি থকা এই নিখিল বিশ্বৰ পৰম নিধান অক্ষৰ অব্যয় পৰম ব্ৰহ্ম বিশ্বৰূপৰ কল্পনাতীত তেজতকৈ কোন গুণে বেচি? মহেশ্বৰৰ তেজৰ বিকাশ অকল ব্ৰজলীলাৰ চাৰি সীমাতেই নাছিল।
শাস্ত্ৰই লেখ দিয়া অৱতাৰ সকলত যি ঐশ্বৰিক তেজ জিলিকিছিল সেই সকলো বিলাকতকৈ কৃষ্ণত জিলিকা তেজ বহুত স্পষ্ট, বহু দূৰ ব্যাপক, বহু পৰিমাণে উজ্জ্বল। কৃষ্ণক অজিও পাই পাই অন্ত কৰিব পৰা নাই গুণেই কৃষ্ণ পূৰ্ণাৱতাৰ! ক্লেশ, কৰ্ম্ম বিপাক, আৰু আশয়ে স্পৰ্শ কৰিব নোৱাৰা এনে কৰ্ম্মীৰ অৱতাৰ জগতত কিমান? শূৰৰ শৌৰ্য্যেৰে, বীৰৰ বীৰ্য্যেৰে, মধুৰৰ মাধুৰ্য্যেৰে, সুন্দৰৰ সৌন্দৰ্য্যৰে, প্ৰতিভাৰ অপৰিমিত প্ৰজ্ঞাৰে, স্বৰূপ তত্ত্ব, ৰস তত্ত্ব আদি সকলো তত্ত্বেৰে এনে পৰিপূৰ্ণ অৱতাৰ আৰু কোন? ভগবান বুলিলেই মানুহৰ মনে, বুদ্ধিয়ে, অনুভূতিয়ে যি বিচাৰে তাতোকৈ কত গুণে বেচি আৰু কিমান কি কৃষ্ণৰ জীৱনত ফুটি পৰি এক অসীম অব্যক্তৰ আভা দিছে। সকলো দ্বন্দ্ব সকলো বিৰোধৰ এনে অনুপম সমন্বয়, এনে জ্ঞান, ইচ্ছা আৰু যত্নেৰে বিভূতিৰ সহজ সুবিকাশ আকাশতকৈও উদাৰ, আকাশতকৈও সুবিশাল দেখিয়েই ভাৰতে নতশিৰে কৃষ্ণক দেৱৰো দেৱতা বুলি স্বীকাৰ নকৰি যে পৰা নাই। জীৱই যদি পতিত পাৱন