পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সপ্তপৰ্ণ

তাক জাগ্ৰত চৈতন্য বোলে। ই অতি বৃহত্তৰ অখণ্ড জগৎ চৈত্যৰ ভগ্নাংশ মাথোন। এই অখণ্ড চৈতন্যৰ অব্যক্ত ভাগৰ অলপ অংশই আকৌ কেতিয়াবা কেতিয়াবা ধ্যান, দিব্য দৃষ্টি, আৰু সফল স্বপ্ন স্বৰূপে অকস্মাৎ মস্তিস্কৰ দুৱাৰে দি দেখা দিয়ে। এই দেখা দিয়াকে নিঃসন্দেহেৰে আমি আবেশ বুলি ধৰি লব পাৰোঁ; কিয়নো, ইয়েই যে অব্যক্ত চৈতন্যৰ আকস্মিক বিকাশৰ ব্যক্ত ভাব,—ক্ষুদ্ৰাতি- ক্ষুদ্ৰ চেতনাত বিশ্ব চেতনাৰ পৰশৰ অতিযোগ! ইয়াৰেই অল্প বিকাশ বিভূতি, আৰু মহৎ বিকাশেই অৱতাৰ!

 শিক্ষিত সকলৰ ভিতৰত অৱতাৰ মনা দল এটিয়ে আৰু এটি আসোঁৱাহ উলিয়ায়। কোনো কোনো শুধ চিতীয়া মানুহত কোনো কোনো মহাপুৰুষৰ আবেশ হব পাৰে; কিন্তু ভগবানৰ আবেশ হব পৰা শুদ্ধ সত্ত্বৰ শৰীৰ মানুহৰ ভিতৰত নাই যেতিয়া, ভগবানে আবেশৰ বেলিকা এটি শুদ্ধ সত্বৰ মায়াৰ শৰীৰ আশ্ৰয় কৰে। সি আচলতে মানুহৰ শৰীৰ নহয়, শৰীৰৰ এটা প্ৰতিভাস মাথোন। আজি কালি বিজ্ঞান দৰ্শনৰ মিলন সন্ধিত যি স্পষ্ট পোহৰ পৰিছে তাৰ আলোকত ভাৰতৰ যোগী ঋষিৰ আত্মাই ইচ্ছা কৰি যে নৰতনু গ্ৰহণ কৰিব পাৰে এই বিশ্বাস জিলিকি পৰিছে। এই সকলোবিলাক আশঙ্কা আৰু সন্দেহৰ মুৰ মাৰি আজি বিশিষ্ট অবিশিষ্ট নিৰ্ব্বিশেষে অধিকাংশ শিক্ষিত সম্প্ৰদায়ৰ এক অটল বিশ্বাস জাগি উঠিছে—কোনো কোনো পবিত্ৰ