দেখা যায়—কোনো কোনো মহাপুৰুষৰ শৰীৰত সেইদৰেই ব্ৰহ্মৰ পূৰ্ণবিকাশো দেখি। এই মতেৰে চাব খুজিলে কৃষ্ণৰ দেহাটি যেন এচটি চিক্চিকীয়া নিকা বেলোলৰ প্ৰপঞ্চ, তাত ব্ৰহ্মৰ পূৰ্ণ তেজ জিলিকি পৰিছে।
যি সকলে জীৱ আৰু ব্ৰহ্মৰ ভেদ মানে সেই দ্বৈতবাদী সকলৰ কেবাটিও শ্ৰেণী বিভাগ আছে। তাৰ ভিতৰৰ অভিমানী শিক্ষিতৰ দলটিয়ে সহজে বুজিব নোখোজে। এই দলৰ নমুনা শিশুপাল আৰু দুৰ্য্যোধন। ভগবানৰ যি বিৰাট বিশ্বৰূপ দেখি পাৰ্থৰ হৃদয়গ্ৰন্থি খুলি গৈ সন্দেহ দূৰ হ’ল, সেই বিশ্বৰূপক ইবিলাকে যায় বান্ধিবলৈ।
স্বভাৱতে দ্বৈতবাদীৰ যি অশিক্ষিত দল আছে, সিবিলাকৰ মাজত অৱতাৰবাদ এনেয়ে সহজে প্ৰচলন হৈয়েই আহিছে। সিবিলাকে দেৱে ধৰা বা ভূত লম্ভা কথ৷ আখৰে আখৰে বিশ্বাস কৰে। ভূত মেলোৱা বেজে ভূত মেলাবও পাৰে, খেদাবও পাৰে। এই বিশ্বাসতে মাজে মাজে হত্যাকাণ্ড হোৱাৰ ঘটনাও আদালতৰ নথিত অনেক আছে। দুষ্ট ভূতে যেনেকৈ দেহীক দেহাৰ পৰ৷ বাজকৈ থৈ সেই দেহা কিছুকাল ভোগ কৰে, সেইদৰে কোনো কোনো পবিত্ৰ আত্মায়ো মনুষ্য শৰীৰত থাকি কিছুকাল যে ভোগ কৰে তাকো সিবিলাকে সত্য বুলি মানি লয়; আৰু এনে পবিত্ৰ আত্মাই পোৱা কোনো লোক দেখিলে সিবিলাকে সভক্তিৰে পূজা কৰে। পবিত্ৰ আত্মাই যদি অন্য দেহত