পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সপ্তপৰ্ণ

উপাসনা কৰি কৰিয়েই কত ভক্তই সাধনাৰ সিদ্ধি লাভ কৰি প্ৰাণৰ শান্তি পাই গৈছে। ভক্তৰ শিৰোমণি ৰাজৰাণী মীৰাবায়ে গোবৰ্দ্ধনধাৰীৰেই ধ্যান কৰি প্ৰেমৰ আকুলতাৰে হাত মেলি মেলি “মেৰে গিৰ্‌ধাৰী লাল” বুলি বৃন্দাবনলৈ লৰ ধৰিলে আৰু নিজৰ জীৱনো সাধনাৰ সফলতাৰে সাৰ্থক কৰিলে। আমাৰ সকলে৷ গৰ্ব্ব সকলো বুদ্ধিৰ অভিমানলৈ হাঁহি এটি থৈ আকৌ এবাৰ পৰম-ভক্তৰ প্ৰাণত কাৰণ জগতৰ, আধিদৈবিক জগতৰ—সেই অগণন গ্ৰহ তাৰকাৰে কৃষ্ণৰ বিশ্ব ব্ৰহ্মাণ্ড ধাৰণ কৰ৷ বিশ্বাতীত ৰূপটি জিলিকি পৰিল। তাৰে ছাঁ একণি পৰি গ’ল স্থুল জগতৰ এই গোবৰ্দ্ধন ধাৰণৰ কাহিনীটিত।

 শ্ৰীকৃষ্ণক ঐশী শক্তি সম্পন্ন বুলি বিশ্বাস কৰিলেও বিশ্বপ্ৰকৃতিৰ অন্য শক্তিৰ, বল স্বভাৱতে তল পৰি যায়। সচৰাচৰ চলি থকা প্ৰাকৃতিক নিয়মৰ ব্যতিক্ৰম তেওঁৰ ইচ্ছাতেই হয়। তথাপিতো প্ৰশ্ন হব পাৰে—ঈশ্বৰে নিয়মৰ মাজেদিয়েই সকলো কাৰ্য্য সম্পাদন কৰিছে; নিজে নিয়ামক হৈ নিয়ম লঙ্ঘন কৰিব কিয়? এই কিয়ৰ উত্তৰ আমি নিয়মৰ জালী-পুতলিবোৰে নিদি নিয়ামকে দিব বুলি থৈ দিয়াই ভাল। সাধাৰণ দণ্ডবিধি আইন প্ৰণয়ন কৰোতে সেই আইনৰ বিধাতা বা অভিভাবক ৰজা জনক দণ্ডবিধিৰ অতীত বুলি ধৰি নললে নহয় যেন লাগে, এনেস্থলত বিশ্বপ্ৰকৃতিৰ নিয়ামক যি ভগবান তেওঁক আমি নিয়মেৰে