পৃষ্ঠা:সপ্তপৰ্ণ.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তপৰ্ণ


লৰা-বুৰা-তিৰোতা বহাগীক আদৰি আনিবলৈ উদ্বাউল। ঘৰে ঘৰে আনন্দৰ ৰোল, চুবুৰিয়ে চুবুৰিয়ে ঢোল পেঁপাৰ গিৰ্‌- গিৰণি,⸺বিহুবৰৰ তলে তলে, নাচোনৰ ছেৱে ছেৱে টকাই টকালি পাৰিছে,⸺কাইলৈ বোলে নতুন বছৰ!

 কোন দূৰ দূৰণিৰ, কোন কল্পনাতীত কুঁৱলীলোকৰ মাজেদি বৈ অহা এই বছৰ! কত কল্পান্তৰৰ কত সৃষ্টি, কত প্ৰলয়ৰ পুৰাণেৰে, কত উত্থান পতনৰ ইতিহাসেৰে গাঁথি অন এই বছৰ! ই যে দেখা দেখিকৈ পুৰণিৰো পুৰণি -আও পুৰণি তথাপিতো কাইলৈ নতুনটি তৈ নতুন বছৰে দেখ দিবহি। আকৌ এবাৰ কাইলৈ অসমীযাৰ পদূলিয়ে পদূলিয়ে ৰিঙ্গিয়াই যাবহি—‘সেই কৌটিকলীয়া বছৰ তোৰ, সি যে নিতৌ নতুন!’

 বছৰ আহে বছৰ যায়, আচলতে ৰৈ ৰৈ যায় বছৰৰ এই কথাটিয়েই হে। হেজাৰ বিজাৰ বছৰৰ আগতে বছৰে যেনেকৈ নতুন সৃষ্টিৰ পাতনি জুৰিছিল, আজিও সি নিমিষে নিমিষে নতুন সৃষ্টি ৰচনা কৰি নতুন হৈয়েই আছে, অনন্ত কাললৈকো নিতে নতুন হৈয়েই থাকিব, অনাদি অনন্ত এই কালৰ প্ৰবাহ, তাৰ প্ৰতি মুহূৰ্ত্তই যে নতুন! নিতৌ বেলি উঠি মাৰ যায়। ৰাতিয়ে এন্ধাৰে মুধাৰে দিনৰ ওহালি পেলাই শেষ কৰিবলৈ নামি আহি সমুখত দেখে⸺নবীন বেশেৰে সেই একে দিন, তাৰ অন্ত নাই। সি নিতৌ নতুন। কাঁচি জোন উপজি মুখত পোহৰ লৈ কলাকলে বাঢ়ি বাঢ়ি পূৰ্ণিমাৰ দিনা ভৰ দিয়ে; সেই দিন ধৰি মুখত আন্ধাৰ লৈ আকৌ