পৃষ্ঠা:সন্তসাৰ.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সন্তসাৰ

আৰু শ্ৰীভাগৱত শাস্ত্ৰ মধ্যে সাৰ।
সংক্ষেপে কৰিয়া পদ কৰিবো প্ৰচাৰ॥
সংক্ষেপে কৰিয়া উপালম্ভা নকৰিবা।
সাৰ শাস্ত্ৰ কথা ছয় ইয়াত বুজিবা॥২১৯॥
ভাগৱত কথাছয় শুনা কৰ্ণ ভৰি।
আগে ইতো কথাছয় লওক সাদৰি॥
প্ৰথমে প্ৰণাম কহু শুনা সাবধান।
সৌনকাদি ঋষি সবে পূছে বিদ্যমান॥২২০॥
চয প্ৰশ্ন কৰিলন্ত সুতৰ আগত।
তাক এক মনে শুনা সভাসদ য'ত॥
সকলো শাস্ত্ৰৰ সাৰ শ্ৰবন একান্ত।
দৈবকীত কৃষ্ণ কিবা কাজে জন্মিলন্ত॥২২১॥
ব্ৰহ্মা বিষ্ণু ৰূদ্ৰৰূপে কোনে কৰ্ম্ম কৰে।
মৎস্য কুৰ্ম্ম ৰূপ ধৰি কি লীলা আশ্ৰযে
বলো ভদ্ৰ সহিতে কৃষ্ণ লীলাশ্ছয়।
তাহাক পশিলা ঋষি সব সম হয়॥২২২৷।
কৃষ্ণ বৈকণ্ঠক গৈলা য’ত ধৰ্ম্মগন।
কহিয়ো কাৰণ কাত লৈওক হৰন॥
এহিচয় প্ৰশ্ন কৈলা কহিলো নিশ্ছয়।
ভক্তি উভয়ৰ কথা শুনা যেন নয়॥২২৩॥
প্ৰথম কালত কৰি তীৰ্থক গমন।
তেবেহে মোহোক গৈয়া কৰিবে শৰন॥