পৃষ্ঠা:সন্তসাৰ.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সন্তসাৰ।

পাছে দ্বৈপায়ন মুখে মুৰ্ত্তি মন্ত ভৈলা।
প্ৰথমতে চাৰিবেদ বিভাগ কৰিলা॥১৭৬॥
নৈমিষি ক্ষেত্ৰত পাছে শাস্ত্ৰক পাতিলা।
জাৰ যেন জাতি ধৰ্ম্ম বিভাগিয়া দিলা॥
অষ্টাদশ শ্লোক আৰু শাস্ত্ৰ চৌদ্ধ খান।
অষ্টাদশ পুৰাণক কৰিলা নিৰ্ম্মাণ॥১৭৭॥
ঈশ্বৰকো দেবতাৰ ভাগতে থৈলন্ত।
দেৱৰো দেৱতা হৰি তাঁঙ্ক নকহন্ত॥
এহি মতে সৰ্ব্ব কাৰ্য্য নিৰ্ব্বন্ধিয়া থৈলা।
হংস ছাগ কাতি বাক পূজা বিধি দিলা॥১৭৮॥
অম্ৰাৱতী মহা স্থান তাহাক বৰ্ণায়।
এহি পূজা বলিদান সেহি ফল পায়॥
এহি মতে লোক সবে তাক আছৰয়।
অল্প সুখ কৰি পুনু নৰকে পৰয়॥১৭৯॥
এহি মতে সব লোক লেখি যাইলেক।
আপুনিয়ো বহু ভাৱে দুঃখ লভিলেক॥
এক তিল সুখ নাই পায়ে মহা দুখ।
লোক নষ্ট কৰি মহা মিলিল অসুখ॥১৮০॥

দুলড়ি।

শুনা বুদ্ধ জন,  গুনা মনে মন,
 ব্যাসতো প্ৰমাণ দেখন।