পৃষ্ঠা:সন্তসাৰ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সন্তসাৰ।

তাহাক মানিব গুৰু হোৱা এক মত।
সেছি গুৰুভনে লোক তহিতে শকত॥ ৭৪॥
সেহি জনে গুৰু হৰি জানিবা নিশ্ছয়।
কাম ক্ৰোধ লোভ মোহ আদি নাহিকয়॥
প্ৰপন্ন ভকত তেবে গুৰু মানিবেক।
পৰম ভকত ময় কহিলো প্ৰত্যেক॥৭৫॥
তান ভকতত প্ৰিতি কৰিবে সতত।
সেহিজন জানিবাহা কেৱল ভকত॥
কেৱল শৰন জানা কেৱল ভকত।
মুখে ৰাম কৃষ্ণ হৰি জানা নিজতত্‌‌‌‌॥৭৬॥
গুৰুক শুইবেক জানা ৰাজা সম ভয়।
পুত্ৰয়তে স্নেহ হইবে ভকত নিচ্ছয়॥
ভক্তক মানিবে আত্মা প্ৰাণীত মিত্ৰতা।
ভকত’ত প্ৰীতি কৰি এৰিৱে ম'মতা॥৭৭॥
কৃষ্ণ পূৰ্ণ নাম পূৰ্ণ ভক্তি পূৰ্ণ মানি।
এহি চয় পূৰ্ণ কৰি মনক সুসানি॥
এহি পঞ্চনাম আৰ কৰিবে কীৰ্ত্তন।
তাকেহে কেৱল নাম বোলে ভক্ত জন॥৭৮॥
পৰম কেবল নাম জাহাক বোলয়।
যিটো ভকতক সঙ্গ মানিবে লাগয়॥
সেহি নাম গুৰু নাম কহি এক খান।
কহিয়ো মাধৱ তুমি ভকত প্ৰধান॥৭৯॥