পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

ব্যাকৰ্ণৰ আদিতে বৰ্ণ বগা নে কলীয়া।
ওৰণি গুচালে দেখি নিকা নে মলীয়া॥
স্বৰবৰ্ণ নাক মুখ চুলি আৰু কাণ।
ভৰি হাত ব্যঞ্জন বৰ্ণ মান অভিমান॥
বৰ্ণ আধ্যা পাৰ হলে সন্ধিত পৰিবা।
প্ৰথমে তেতিয়া দিশ ধুঁৱলি দেখিবা॥
স্বৰ সন্ধি বৰ টান স্বজন পালন।
গৃহস্থালি ৰক্ষা আৰু ধন উপাৰ্জ্জন॥


 

বহল ব্যাকৰণ।

 বহল ব্যাকৰণ সত্যনাথৰ বহুদিনীয়া পৰিশ্ৰমৰ ফল। ই এখন ৩০০শ পিঠিৰ অধিক ডাঙ্গৰ ব্যাকৰণ। ইয়াক লিখকে লিখি অন্তহে কৰিলে কিন্তু প্ৰকাশ কৰি অসমীয়া ৰাইজক বিলাবলৈ নৌ পাওঁতেই নিষ্ঠুৰ কালে অকস্মাৎ হৰি নিলে। প্ৰকাশক পুত্ৰদ্বয় শ্ৰীযুত অম্বিকানাথ আৰু জ্ঞাননাথে লিখিছে যে, “এই পুথি লিখি শেষ কৰি প্ৰেচত দি প্ৰায় এশ পিঠিমান ছপা হওঁতেই হঠাৎ গল আঘোণৰ মাহৰ ২৭ তাৰিখে দুপৰীয়া চিৰ শান্তিধাম লাভ কৰিলে।” অসমীয়া ভাষাই বহুতখিনি আগতকৈ উদগতি কৰিছে গতিকে এখন ডাঙৰ ব্যাকৰণৰ আৱশ্যক হৈছে, এই ধাৰণা সত্যনাথৰ সততে আছিল। তেওঁ এই কথা কেইবাজনো সাহিত্যিক