পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
স্বৰ্গীয় সত্যনাথ বৰাৰ


বহিৰ্ভূত থাকিও আকাশ ৰহস্য পুথি তেখেতৰ স্বৰ্গীয় পিতৃ- দেৱ ৺দয়ানাথ বৰ বৰাৰ শ্ৰীচৰণত অৰ্পণ কৰিছিল। তেওঁ লিখি থৈ যোৱা কিতাপবোৰৰ ভিতৰত এই খনেই মাথোন উচৰ্গা কৰা কিতাপ। লিখকে কৈছে, “দেউতা, আপুনি মোক অজান লৰাকালতে এৰি থৈ গৈছে, সেই দিন ধৰি মই বহুত ঢৌ ধুমুহা পাৰ হৈ ডাঙ্গৰ দীঘল হলো; কিন্তু এই পৰিমিত আপোনাৰ চৰণত পূজা এভাগি দিবলৈ দিহা কৰিব পৰা নাছিলোঁ। আজি এই সামান্য ফুল পাহি অতি হাবিলা- হেৰে আপোনাৰ চৰণত অৰ্পণ কৰিলোঁ। অপুনি যেন ইয়াক ঘিণ নকৰি আপোনাৰ অভাজন পুত্ৰৰ পূজা বুলি সামৰি লয়। মই যদিও আপোনাৰ সম্পূৰ্ণ আখ্যা ধাৰণ কৰা নাই তেও মই আপোনাৰেই সন্তান “শ্ৰীসত্যনাথ”। আকাশ ৰহস্য পুথিত আলোচনা কৰা বিষয়ৰ আৰু দ্বিতীয় পুথি অসমীয়াত নাই। সত্যনাথৰ Astronomy চৰ্চ্চাত কেনে ৰাপ আছিল এই পুথিয়েই তাৰ সাক্ষী। গুৱাহাটীৰ চিনিয়ৰ মোক্তাৰ শ্ৰীযুত হৰকান্ত গোস্বামীৰ পৰা শুনা গৈছে যে, এদিন তেখেতৰ নিজ থকা ঠাই নহিৰা গাৱঁলৈ যাওঁতে কোনোবা এজনী গাঁৱলিয়া তিৰোতাই তাইৰ গিৰিয়েকে ভৰ দুপৰীয়া এটা পৰ্ব্ব- তৰ গুৰিৰ বাটত আকাশৰ পৰা আগতে পৰা এডোখৰ সৰু জলজলীয়া বগা শিল পোৱা বুলি কলে আৰু সেই বস্তুটোনো কি তাক গোসাঁই দেৱে জানেনে বুলি সোধাত গোসাঁয়ে ভেকাহি মাৰি নাজানো বুলি কৈ তাইৰ কথাৰ সাৰ্থকতা