পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
62
স্বগীয় সত্যনাথ বৰাৰ

কিন্তু পদ্য সম্বন্ধে অতি কম কথা লিখা হৈছে। অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখকে কয় যে, “ই নামত সাহিত্য- বিচাৰ হলেও ইয়াক ব্যাকৰণৰ অন্তৰ্গত বোলা হৈছে।” সাহিত্যৰ লক্ষণ আলোচনা কৰা দ্বিতীয় পুথি আজি পৰিমিত প্ৰকাশ হোৱা নাই।

 সত্যনাথৰ সাহিত্য-বিচাৰ পুথি প্ৰকাশ হওতেই সকলোৱে ইয়াক হাতত ললে। গুণগ্ৰাহী সমালোচক সকলে এই কিতাপৰ গুণৰ সমাদৰ কৰিলে। ই প্ৰকাশিত হোৱা মাত্ৰকে ছাত্ৰবৃত্তি স্কুলৰ বৃত্তি পৰীক্ষাত পাঠ্য কিতাপ স্বৰূপে নিৰ্দ্ধাৰিত হল। ১৯০৪ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ চিনেটে কেতবোৰ অসমীয়া প্ৰবন্ধ মনোনীত কৰি এণ্ট্ৰেঞ্চ কোৰ্চ নাম দি গুৱাহাটীৰ মুক্তিয়াৰ স্বৰ্গীয় মহেশ্বৰ গোস্বামীৰ দ্বাৰা প্ৰকাশ কৰায়। সেই সাহিত্য বাচনিৰ কিতাপত “সাহিত্য-বিচাৰ” পুথিৰ একেবাৰে তিনি অধ্যায় বাচনিত উঠে। শেহত ডিব্ৰুগড়ৰ ভট্টাচাৰ্য্য এজেঞ্চিৰ প্ৰোপ্ৰাইটাৰ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্যক সাহিত্য-বিচাৰ ভবিষ্যতে প্ৰকাশ কৰাৰ স্বত্ব গ্ৰন্থকাৰে একেবাৰে এৰি দিয়ে।

 সাহিত্য-বিচাৰ পুথিত সাহিত্যৰ নৱৰসৰ বিচাৰ কৰোঁতে গ্ৰন্থকাৰে বিবিধ ৰসৰ উদাহৰণবোৰ অসমীয়া পুৰণি পুথিব পৰা উদ্ধৃত কৰি দিছে। তেতিয়াৰ ডেকা অৱস্থাতে সত্যনাথ বৰাই অসমীয়াৰ প্ৰাচীন সাহিত্য কেনে মনোযোগেৰে অধ্যয়ন কৰিছিল তাক উদ্ধৃত বাক্যবোৰৰ পৰা ভালকৈ বুজিব