পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

পোৱাত উপযুক্ত পাঠ্য নিৰ্ব্বাচনৰ ভাৰ স্বৰ্গীয় ৰায় মাধৱচন্দ্ৰ বৰদলৈ বাহাদুৰ ডাঙ্গৰীয়াৰ ওপৰত পৰে। অসমীয়া ভাষা বহু পুৰণি আৰু সুকীয়া ভাষা। ইয়াৰ পুথিৰ ভঁৰাল পুৰণি পুথিৰে চহকী। কিন্তু নতুন সাহিত্যেৰে চহকী নহয়। অলপ দিনৰ আগৰ পৰাহে কিছুমান কৃতবিদ্য ডেকাৰ যত্নত আৰু আসামলৈ অহা আমেৰিকান মিশ্যনেৰীসকলৰ সাহায্য আৰু সহানুভূতিত অসমীয়া ভাষাই আকৌ ঠিয়দঙ্গাদি প্ৰায় অভিলষিত ঠাই পাবৰ উপক্ৰম হৈছেহি মাথোন।” এনে অৱস্থাত এফ-এ আৰু বি-এ পৰীক্ষাৰ অসমীয়া পাঠ্য যুগুত কৰাত বিশেষ অভাৱ যে বোধ কৰা হব সেইটো স্বাভাৱিক। কিন্তু সত্যনাথ বৰাৰ লেখনীপ্ৰসূত কেইটিমান চিন্তশীল প্ৰবন্ধই সেই গুৰুতৰ ভাৰ সেই সময়ৰ বাবে আংশিকৰূপে লাঘৱ কৰিলে। অকল সত্যনাথ বৰাৰ সৰহ ভাগ প্ৰবন্ধেৰেই ক্ষুদ্ৰকায় “এ-এ আৰু-বিএ কোৰ্চৰ” কলেৱৰ গঠিত হল। অসমীয়া ছাত্ৰক কেৱল style বা ৰচনা ৰীতি শিকাবৰ অৰ্থেহে তাকৰীয়া প্ৰবন্ধেৰে শ্ৰীযুত পদ্মনাথ বৰুৱা আৰু শ্ৰীযুত ৰাধানাথ ফুকন ডাঙ্গৰীয়া আদি লব্ধপ্ৰতিষ্ঠ লোকসকলৰ পৰামৰ্শমতে সেই কোৰ্চ যুগুত কৰা হৈছিল। ধন আৰু ধনৰ ব্যৱহাৰ, জীৱনৰ অমিয়া, মানৱ মহত্ত্ব, সংসাৰ প্ৰবাহ, অসমীয়া সাহিত্যত আপুৰুগীয়া বস্তু। কি লিখা পদ্ধতি, কি শব্দ গাথনি, কি চিন্তাৰ স্ৰোত আটাই কেউপিনৰ পৰা চালেও আজি পৰিমিত প্ৰকাশিত অসমীয়া সাহিত্যত সেইবোৰৰ