পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
জীৱন-চৰিত।


বায়না ওলোটাই দিছিল। সাংসাৰিক জীৱনৰ সৰু সুৰা ঘটনাৰ বিশেষ বহল আলোচনা কৰা নহল।

সত্যনাথৰ দেশ ভ্ৰমণ।

 সত্যনাথ বৰাই দেশ-ভ্ৰমণ শিক্ষাৰ এটা ডাঙৰ অঙ্গ বুলি ভাবিছিল দেশ-ভ্ৰমণ সম্বন্ধে তেওঁ নিজে সাৰথিত এইদৰে লিখিছে।—দেশ-ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। পুথিত যিবিলাক বস্তুৰ কথা পঢ়া যায়, দেশ ফুৰিলে সেইবিলাকৰ বস্তু দেখা যায়। চকুৰে নেদেখিলে কেৱল বৰ্ণনা পঢ়ি সকলো বস্তুৰ তত্ত্ব পোৱা নাযায়।

  *   *   *   *
  *   *   *   *

 পৃথিবীৰ প্ৰধান প্ৰধান বস্তুবোৰ এইদৰে নিজে গৈ চাব পাৰিলে বহুত শিক্ষা পোৱা যায়।

  *   *   *   *

 বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক। সিহঁতে ঘৰৰ ঘৰোৱাহ আৰু ওচৰ চুবুৰীয়াৰ বাজে আন কাৰো লগত মিতিৰালি কৰিব নোৱাৰে। বিদেশী মানুহ সিহঁতৰ আশঙ্কাৰ ঠাই। বিদেশী মানুহক সিহঁতে বনৰীয়া জন্তু যেন দেখে, আৰু বিপদত পৰিলে সিহঁতক আশ্ৰয় নিদিয়ে। কিন্তু বিদেশত